Congress : বেআইনী অর্থ লেনদেনৰ অভিযোগ, ছোনিয়া আৰু ৰাহুল গান্ধীক জাননী প্ৰেৰণ কৰিলে ইডি-য়ে

newproject 2022 0 1653376413

বেআইনীভাৱে অর্থ লেনদেনৰ লগত জড়িত থকাৰ অভিযোগত কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ ৰাহুলক জাননী জাৰি প্ৰেৰণ কৰিলে এনফ’ৰ্চমেন্ট ডিৰেক্টৰেটে (ইডি) । কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ তৰফৰ পৰা বুধবাৰে এই কথা জনোৱা হৈছে ।

ইডি-ৰ তৰফৰ পৰা জনোলা হৈছে, নেছনেল হেৰাল্ড গোচৰত সোধপোচৰ বাবে ৰাহুলক দুই জুন আৰু ছোনিয়াক আঠ জুনত ইডি-ৰ দপ্তৰত উপস্থিত হ’বৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে । অধিবক্তা তথা কংগ্রেছ নেতা অভিষেক মনু সিংঘভিয়ে বুধবাৰে ইডি-ৰ জাননী প্ৰসংগত কয়, ‘‘এইটো বেআইনী অর্থ লেনদেনৰ গোচৰৰ এক অদ্ভুত জাননী, যাৰ লগত কোনো আর্থিক লেনদেন জড়িত নাই । এইটো সম্পূৰ্ণ প্রতিহিংসাৰ ৰাজনীতি । আমি ঐক্যবদ্ধভাৱে ইয়াৰ বিৰুদ্ধে যুঁজ দিম ।’’

জৱাহৰলাল নেহেৰুৰ দ্বাৰা প্রতিষ্ঠিত নেছনেল হেৰাল্ড সংবাদপত্রক লৈ মনমোহন সিঙৰ শাসকসকলতেই দুর্নীতিৰ অভিযোগ তুলিছিল বিজেপিয়ে । ২০১৪ত নৰেন্দ্র মোদী চৰকাৰ ক্ষমতাত অহাৰ পাছত বিষয়টোক লৈ নতুনকৈ চিন্তা-চৰ্চা আৰম্ভ হয় । যাৰ মূল হয়তো বিজেপি নেতা সুব্রহ্মণ্যম স্বামী আছিল । তেওঁৰ অভিযোগ, ‘এছ’চিয়েটেড জার্নেলেছ লিমিটেড’ নামে যি সংস্থাৰ হাতত সংবাদপত্রখনৰ মালিকানা আছিল, তেওঁলোকৰ বজাৰত ৯০ কোটি টকাৰ ঋণ আছিল । যাৰ অধিকাংশ‌ই কংগ্রেছৰ পৰা লোৱা ।

২০০৮ত সংবাদপত্রখনৰ প্রকাশনা বন্ধ হৈ যায় । সেই সময়তেই সংস্থাটো অধিগ্রহণ কৰে ছোনিয়া, ৰাহুল আৰু শীর্ষস্থানীয় কংগ্রেএ নেতাৰ ‘ইয়ং ইণ্ডিয়ান প্রাইভেট লিমিটেড’ সংস্থাই । যাৰ পাছত নেছনেল হেৰাল্ডৰ কে’বা হেজাৰ কোটি টকাৰ সম্পত্তি ইয়ং ইণ্ডিয়ানৰ দখলত আহে । ৯০ কোটি টকা ঋণৰ বোজাৰো চাপ আছে তেওঁলোকৰ ওপৰত ।

ইয়াৰ কিছুদিন পাছত ‘ঋণৰ ধন উদ্ধাৰ কৰা সম্ভৱ নহয়’ বুলি কাৰণ দৰ্শাই কংগ্রেছৰ তৰফৰ পৰা ঋণৰ টকা মাফ কৰি দিয়া হয় । তাতেই আপত্তি স্বামীৰ । তেওঁৰ যুক্তি, কংগ্রেছ ৰাজনৈতিক দল । তেওঁলোকে কোনো কৰ দিব নালাগে । কোনো বাণিজ্যক সংস্থাক ঋণ দিয়াও তেওঁলোকৰ ক্ষেত্ৰাধিকাৰৰ বাহিৰত । সংবাদপত্রটোৰ সম্পত্তি বিক্রী কৰি কিয় কংগ্রেছ নেতৃত্ব‌ই ঋণৰ টকা পৰিশোধ নকৰে প্রশ্ন উত্থাপন কৰি আদালতত অভিযোগ কৰে, আয়কৰমুক্ত সম্পূৰ্ণ টকা নিজৰ পকেটত ভৰাইছে ছোনিয়া, ৰাহুলসহ কংগ্রেছ নেতৃত্ব‌ই ।

Exit mobile version