ক্ৰমাগত নিম্নগামী জিডিপি বৃদ্ধিৰ হাৰ

চলিত বৰ্ষৰ প্ৰথম তিনিমাহত পূৰ্বৰ ৫.৪ৰ পৰা ৪.১ শতাংশলৈ হ্ৰাস

GDP 1

আৰ্থিক বিকাশ মন্থৰ হোৱা আৰু মুদ্ৰাস্ফীতিৰ প্ৰভাৱত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি)ৰ হাৰৰ ধাৰাবাহিক নিম্নমুখী গতি অব্যাহত আছে । বিত্ত মন্ত্ৰণালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰণে চলিত বৰ্ষৰ প্ৰথম তিনি মাহৰ দেশৰ আৰ্থিক বিকাশৰ তথ্য ৰাজহুৱা কৰে । নাগেশ্বৰণে সদৰী কৰে যে যোৱা জানুৱাৰীৰ পৰা মাৰ্চলৈ ভাৰতৰ জি ডি পি বৃদ্ধিৰ হাৰ ৪.১ শতাংশ । ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈ সেই হাৰ আছিল ৫.৪ শতাংশ । তাৰ আগত জুলাইৰ পৰা ছেপ্টেম্বৰলৈ জি ডি পি বৃদ্ধিৰ হাৰ আছিল ৮.৪ শতাংশ ।

উল্লেখ্য যে ভাৰতত চলি থকা মুদ্ৰাস্ফীতিৰ প্ৰভাৱ আৰু বিশ্ব অৰ্থনীতিৰ প্ৰভাৱত অৰ্থনৈতিক বিশেষজ্ঞসকলে চলিত বৰ্ষৰ প্ৰথম তিনি মাহত দেশৰ জি ডি পিৰ হাৰ চাৰি শতাংশ হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰিছিল । তেওঁলোকৰ অনুমানে কাৰ্যত সঁচা প্ৰমাণিত হ’ল । অৱশ্যে এপ্ৰিলৰ পৰা বৃদ্ধিৰ হাৰ অধিক হ’ব বুলিও বিশেষজ্ঞসকলে সম্ভাৱনা প্ৰকাশ কৰিছে ।

লক্ষ্যণীয়ভাৱে এপ্ৰিলত জি ডি পি বৃদ্ধিৰ হাৰ হয় ৭.৮ শতাংশ । ইয়াৰ ভিত্তিত ভাৰতীয় ৰিজাৰ্ভ বেংকে সম্ভাৱনা ব্যক্ত কৰিছে যে ২০২২-২৩ত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৭.২ শতাংশলৈ বৃদ্ধি হ’ব পাৰে । মুখ্য অৰ্থনৈতিক উপদেষ্টাজনে উল্লেখ কৰে যে যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ গতি আগবঢ়াবলগীয়া হৈছে ।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰু উন্নত ৰাষ্ট্ৰবোৰৰ কঠোৰ মুদ্ৰানীতি এই সময়ত অন্যতম প্ৰত্যাহ্বান হৈ উঠিছে । তেওঁ কয়, ‘মুঠ সাত শতাংশ খুচুৰা মুদ্ৰাস্ফীতিৰ ভিতৰত দুই শতাংশ আহে আমদানিকৃত মুদ্ৰানীতিৰ জৰিয়তে । খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ লগত মুদ্ৰাস্ফীতিৰ হেঁচা যথেষ্ট সম্পৰ্কিত ।

অৱশ্যে প্ৰত্যাহ্বানৰ মাজতো অৰ্থনীতিৰ প্ৰতিটো খণ্ডত পূৰ্বৰ লোকচানবোৰৰ মাত্ৰা হ্ৰাস হৈ অহাৰ প্ৰৱণতা বৰ্তমান দেখা গৈছে । ক’ভিডে কৰা ক্ষতিৰ প্ৰভাৱৰ পৰা হোটেল আৰু পৰিবহণ খণ্ডটোৱে মুক্ত হ’বলৈ সময় লাগিব । নিৰ্মাণ খণ্ডটোৱে একে প্ৰত্যাহ্বানৰ লগত যুঁজি আছে যে অৱশ্যে ঔদ্যোগিক উৎপাদন সন্তোষজনকভাৱে বাঢ়িছে ।’

Exit mobile version