COVID-19 : ক’ভিড আপডেট

Covid kerala 3

আজি ৩৫.২২ শতাংশ কৰ’না সংক্রমণ বৃদ্ধি পালে ভাৰতত । আগৰ দিন অর্থাৎ বুধবাৰে পুৱা কেন্দ্রীয় স্বাস্থ্যমন্ত্রণালয়ে দিয়া তথ্য অনুসৰি, দৈনিক আক্রান্তৰ সংখ্যা আছিল ২৭৪৫ জন । বিগত ২৪ ঘণ্টাত সেই সংখ্যা প্রায় এহেজাৰ বৃদ্ধি হৈ হৈছে ৩৭১২ ।

ইয়াৰ পূৰ্বে মে’ত প্রথম সপ্তাহতেই চাৰে তিনি হেজাৰ অতিক্ৰম কৰিছিল দৈনিক সংক্রমণ । বৃহস্পতিবাৰৰ তথ্য অনুযায়ী, দৈনিক কৰ’না সংক্রমণৰ হাৰো বৃদ্ধি পাইছে । এদিন আগৰ ০.৬০ শতাংশৰ পৰা ০.৮৪ শতাংশ হৈছে ।

কৰ’না সংক্রমণ এদিনত সৰ্বাধিক হৈছে মহাৰাষ্ট্রত । এদিনত ১০৮১ জন কৰ’না আক্রান্ত হৈছে আৰৱসাগৰ নিকটৱৰ্তী এই ৰাজ্যত । বুধবাৰৰ তথ্য অনুযায়ী মহাৰাষ্ট্রৰ দৈনিক সংক্রমণ আছিল ৭১১ ।

কৰ’না সংক্রমণ বাঢ়িছে কেৰালাতো । ২৪ ঘণ্টাত ১১৯৭ জন কৰ’না আক্রান্ত হৈছে কেৰালাত দেশত সম্প্ৰতি সংক্রমণত শীর্ষত আছে কেৰালাতেই । দিল্লীত দৈনিক সংক্রমণ তুলনাত কিছু কম । এদিনত ৩৬৮ জন কৰ’না আক্রান্ত হৈছে ।

দেশত সম্প্ৰতি মুঠ কৰ’না ৰোগীৰ সংখ্যা ১৯ হেজাৰ ৫০৯ জন । বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে পাঁচজনৰ । অৱশ্যে এই পাঁচজনেই কেৰালাৰ অনথিভুক্ত মৃত্যু ।

Exit mobile version