Deafness Cause : ভুল খাদ্য‌ বধিৰতাৰ কাৰণ হ’ব পাৰে নেকি ?

249285 2200 732x549 1

শ্রৱণশক্তি হ্রাস বয়স বঢ়াৰ এটা অনিবার্য অংশ । অৱশ্যে ইয়াৰ তীব্রতা সকলোৰে ক্ষেত্ৰত সমান নহয় । শ্রৱণশক্তি কেতিয়াবা লাহে লাহে যায়, কেতিয়াবা আকস্মিক প্রভাৱতো কোনো কোনোৱে হেৰুৱাব পাৰে । কিন্তু শ্রৱণশক্তি হ্রাস পোৱাৰ স’তে পুষ্টি আৰু খাদ্যাভ্যাসৰ কোনো যোগ আছে নে ?

বিশেষজ্ঞসকলৰ একাংশৰ মতে, কোনো এটা নির্দিষ্ট খাদ্য খালে বা নাখালে তাৰ প্রভাৱ শ্রৱণশক্তিৰ ওপৰত পৰে নে নাই সেয়া নিশ্চিতভাৱে ক’ব নোৱাৰি । কিন্তু সাধাৰণতে পটেছিয়াম, জিংক আৰু ফলিক এচিড সমৃদ্ধ খাদ্য‌ই শ্রৱণশক্তি ভালে ৰখাত সহায় কৰে । খাদ্যাভ্যাসত এই ধৰণৰ উপাদানবোৰ নাথাকিলে শ্রৱণশক্তি হ্ৰাস হোৱাৰ শংকা অধিক বুলি ধাৰণা কৰে কোনো কোনোৱে ।

লগতে, ইন্টাৰনেছনেল জার্নেল অৱ এপিডেমিঅ’লজিত প্রকাশিত এটা সাম্প্রতিক গৱেষণা অনুসৰি, পশ্চিমীয়া দেশত প্রচলিত বেচ কিছু খাদ্যৰ স’তে ইডিঅ’পেথিক বা আকস্মিক বধিৰতাৰ যোগ আছে । এই খাদ্যবোৰৰ ভিতৰত মূলত পেকেটজাত আৰু প্রক্রিয়াজাত খাদ্য, চর্বিযুক্ত মাংস আৰু অতিৰিক্ত চেনিসমৃদ্ধ খাদ্যৰ কথা কোৱা হৈছে । ১৬৪ জন মানুহৰ ওপৰত কৰা এই গৱেষণাত কোৱা হৈছে, এই ধৰণৰ খাদ্যাভ্যাসে হঠাৎ শ্রৱণশক্তি হেৰুৱাৰ শংকা কিছু হ’লেও বৃদ্ধি কৰে ।

আনহাতে, জাপানত প্রচলিত খাদ্যাভ্যাস শ্রৱণশক্তি ভালে ৰখাবলৈ সৰ্বাধিক উপযোগী বুলিও মত গৱেষকসকলৰ । অৱশ্যে এই বিষয়ত নিশ্চিতকৈ কোনো সিদ্ধান্তত উপনীত আহিব নোৱাৰি আৰু বিষদ গৱেষণাৰ প্রয়োজন বুলি মত বিশেষজ্ঞসকলৰ ।

Exit mobile version