Eco-Sensitive Zones : অভয়াৰণ্যৰ আশে-পাশে খনি-কাৰখানা নিৰ্মাণ কৰিব নোৱাৰিব, কঠোৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

a1ooga8 supreme court of

পৰিৱেশ আৰু বন্যপ্রাণী ৰক্ষাত এইবাৰ ছুপ্রিম নিষেধাজ্ঞা (Supreme Court) । বন্যপ্রাণী অধ্যুষিত অভয়াৰণ্যৰ (Wild Sanctuaries) কাষত খনি আৰু কাৰখানা নিৰ্মাণ কৰাত নিষেধাজ্ঞা জাৰি কৰিলে দেশৰ শীর্ষ আদালতে । কেৱল অভয়াৰণ্যই নহয়, ৰাষ্ট্ৰীয় উদ্যান (National Parks) সংলগ্ন কমেও এক কিলোমিটাৰ অঞ্চলত খনি বা কাৰখানা নিৰ্মাণ কৰিব নোৱাৰিব বুলি নির্দেশ দিয়া হৈছে । এই এক কিলোমিটাৰ অঞ্চলক নিৰাপদ অঞ্চল হিচাপে চিহ্নিত কৰাৰ নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে ।

বন্যপ্রাণ ৰক্ষাৰ বাবে কঠোৰ বিধিনিষেধ আদালতৰ

দেশৰ সর্বত্র বন্যপ্রাণ সংৰক্ষণ অঞ্চল আৰু পৰিৱেশৰ স্পর্শকাতৰ অঞ্চলবোৰৰ নিৰাপত্তাৰ বাবে শুকুৰবাৰে বিধিনিষেধ জাৰি কৰিছে আদালতে । তাত অভয়াৰণ্যত আৰু ৰাষ্ট্ৰীয় উদ্যান সংলগ্ন অঞ্চলক নিৰাপদ বুলি চিহ্নিত কৰাৰ লগতে, মুখ্য বন সংৰক্ষক (Chief Conservator of Forests)ৰ অনুমতি ব্যাতীত এই ধৰণৰ কোনো নির্মাণেই কৰিব নোৱাৰিব বুলি জনোৱা হৈছে ।

কোন কোন নির্মাণক এই তালিকাৰ পৰা বাদ দিয়া হৈছে, বর্তমান এনে কিমাধ নির্মাণ আছে তাৰ তালিকা প্ৰস্তুতৰ নির্দেশ দিয়া হৈছে প্রত্যেক ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলৰ বন সংৰক্ষণ কৰ্মকর্তাক । আগন্তুক তিনি মাহৰ ভিতৰত সেই তালিকা জমা দিব লাগিব তেওঁলোকে । অৱশ্যে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে খনি আৰু কালখানাৰ নিৰ্মাণৰ ক্ষেত্ৰত সম্পূর্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে।

আজি ন্যায়াধীশ এল নাগেশ্বৰ ৰাও, বিআৰ গাভাই আৰু এএছ বোপান্নাৰ ডিভিছন বেঞ্চে এই নির্দেশ দিছে । অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান সংলগ্ন অঞ্চলত স্থায়ী নির্মাণ কৰিব নোৱাৰিব বুলি জনাইছে এই বেঞ্চে । সকলো ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলবোৰক উদ্দেশ্যি সেই মর্মে নির্দেশনা জাৰি কৰা হৈছে ।

সকলো ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলবোৰক নির্দেশ

বন্যপ্রাণী সংৰক্ষণৰ বাবে আদালতত জনস্বার্থ গোচৰ দাখিল কৰিছিল টিএন গোদাবর্মন নামৰ এজন ব্যক্তিয়ে । গোদাবর্মন বনাম কেন্দ্রীয় চৰকাৰ নামক এই গোচৰতেই এই নির্দেশ দিলে শীৰ্ষ ন্যায়ালয়ে । বিধিনিষেধ কার্যকৰ কৰিবলৈ চৰকাৰী সংস্থা, ছেটেলিইট প্রযুক্তি আৰু ড্ৰ’নৰ সহায় লোৱাৰ পৰামর্শও দিছে আদালতে ।

Exit mobile version