Priyanka Gandhi Vadra : কৰ’নাত আক্রান্ত প্রিয়ংকা গান্ধী

priyanka

কৰ’নাত আক্রান্ত প্রিয়ংকা গান্ধী বদ্ৰা । শুকুৰবাৰে টুইট কৰি এই খবৰ জনাইছে প্রিয়ংকাই । সম্প্ৰতি তেওঁ নিভৃতবাসত থাকিব বুলি জনাইছে । মাতৃৰ সংস্পর্শত অহাৰ বাবে সংক্রমিত হ’ল নেকি তেঁৱো ? উঠিছে প্রশ্ন । যদিও প্রিয়ংকাই নিজেই এই বিষয়ত অৱগত নহয় ।

শুকুৰবাৰে পুৱা টুইটাৰত প্রিয়ংকাই লিখে, ‘মোৰ মৃদু উপসর্গযুক্ত ক’ভিড ধৰা পৰিছে । সমস্ত ক’ভিডবিধি মানি ঘৰতেই নিভৃতবাসত আছো । যিসকলে মোৰ সংস্পর্শত আহিছিল, তেওঁলোকক অনুৰোধ প্রয়োজনীয় সতর্কতা ল‌ওক ।’

বৃহস্পতিবাৰে ক’ভিডত আক্রান্ত হোৱাৰ খবৰ জনাইছিল কংগ্রেছৰ অন্তর্বর্তীকালীন সভানেত্রী ছোনিয়াই । ঘটনাচক্রে, নেছনেল হেৰাল্ড গোচৰত বেআইনী আর্থিক লেনদেনৰ অভিযোগত ছোনিয়াক অহা আঠ জুন আৰু তেওঁৰ পুত্ৰ তথা কংগ্রেছ নেতা ৰাহুল গান্ধীক দুই জুনত চমন কৰিছিল এনফ’ৰ্চমেন্ট ডিৰেক্টৰেটে (ইডি) ।

অৱশ্যে কৰ’নাত আক্রান্ত হোৱাত সম্প্ৰতি সেয়া সম্ভৱ নহয় বুলি সূত্রৰ খবৰ । প্রিয়ংকাৰ মতে তেওঁৰো মৃদু উপসর্গ থকাত বাসগৃহতে নিভৃতবাসত আছে ছোনিয়া । আনহাতে, ৰাহুল গান্ধীয়ে আগতেই জনাইছে যে বিদেশত থকাৰ বাবে মাত্র ২৪ ঘণ্টাৰ জাননী ইডি-ৰ তাত যোৱাৰ প্রশ্নই নাই । তেওঁক ১৩ জুনত হাজিৰ হোৱাৰ নির্দেশ দিছে ইডি-য়ে ।

Exit mobile version