Covid-19 : বুষ্টাৰ টিকা হিচাপে ব্যৱহাৰৰ বাবে কেন্দ্র‌ই অনুমোদন দিলে ক’র্বেভেক্সক

covid vaccine

ক’ভিড-১৯ বুষ্টাৰ ড’জ ‘বায়’লজিকেল ই’ সংস্থাই প্ৰস্তুত কৰা ক’র্বেভেক্স প্রতিষেধকক অনুমোদন দিলে ড্রাগছ কন্ট্রলাৰ জেনেৰেল অৱ ইণ্ডিয়াই (ডিচিজিআই) । শনিবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰণালয় সূত্রে এই খবৰ ।

দেশীয় প্রযুক্তিৰে তৈৰায়ী আৰু সস্তা বুলি ক’র্বেভেক্স টিকাই ইতিমধ্যে পৰিচিতি পাইছে । সাধাৰণ টিকাকৰণত ক’র্বেভেক্সৰ ব্যৱহাৰো আৰম্ভ হৈছে আগতেই । আনকি, চলিত বছৰৰ আৰম্ভণিতে হায়দৰাবাদৰ সংস্থা ‘বায়’লজিকেল ই’-ক ৩০ কোটি ক’র্বেভেক্স টিকাৰ আগতীয়া আবণ্টন দিছে কেন্দ্র‌ই ।

প্রসংগত, কেন্দ্রৰ বায়’টেকন’লজি দপ্তৰৰ স’তে একজোঁট হৈ ‘বায়’লজিকেল ই’ সংস্থাই তৈয়াৰ কৰা এই প্রতিষেধকৰ কাৰ্যৰ ধৰণ ক’ভিশ্বিল্ড বা কোভেক্সিনৰ দৰে অন্যান্য কৰ’না টিকাতকৈ কিছু পৃথক । ভাইৰাছক বংশবৃদ্ধিৰ জিনবস্তু দেহকোষত প্ৰৱেশ কৰাৰ পথ তৈয়াৰ কৰি দিয়ে ইয়াৰ গাত লাগি থকা কাঁটা তথা স্পাইকে ।

ক’র্বেভেক্সে প্ৰত্যক্ষভাৱে স্পাইক প্র’টিন সোমাই দিয়ে শৰীৰত । তাৰ পৰা তৈয়াৰ হয় ইয়াৰ বিৰুদ্ধে প্রতিৰোধ ক্ষমতা । অন্য টিকাই স্পাইক প্র’টিনৰ বিৰুদ্ধে প্রতিৰোধ ক্ষমতা গঢ়ি তোলে ভিন্ন উপায়ত । ক’র্বেভেক্সৰ পদ্ধতি বহু গুণে নিৰাপদ বুলি দাবী সংস্থাৰ বিশেষজ্ঞৰ একাংশৰ । ‘বায়’লজিকেল ই’-ৰ দাবী, তেওঁলোকৰ টিকা ৯০ শতাংশ সফল ।

Exit mobile version