Kashmir : উপত্যকাৰ সংখ্যালঘুৰ দাবী মানিলে চৰকাৰে, ১৭৭ কাশ্মীৰি পণ্ডিতক স্থানান্তৰ কৰা হ’ব নিৰাপদ স্থানত

60773990 db8f 11ec 8839 d8f781242971 1653417074099

উপত্যকাৰ সংখ্যালঘুসকলৰ দাবী মানি শ্রীনগৰৰ ১৭৭ জন কাশ্মীৰি পণ্ডিত সম্প্রদায়ৰ শিক্ষক-শিক্ষয়িত্ৰীক নিৰাপদ স্থানত স্থানান্তৰ কৰাৰ নির্দেশ দিলে চৰকাৰে । শুকুৰবাৰে উপত্যকাত এই সম্প্রদায়ৰ সুৰক্ষাৰ বিষয়ত এটা বৈঠক অনুষ্ঠিত কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে । তাৰ পাছতেই এই সিদ্ধান্ত ঘোষণা কৰে কেন্দ্রীয় চৰকাৰে ।

সম্প্রতি সন্ত্ৰাসবাদীৰ লক্ষ্য উপত্যকাৰ কাশ্মীৰি পণ্ডিত, শিখ সম্প্রদায়ৰ সংখ্যালঘুসকল । অভিযোগ, বিগত কে’বাদিনত বাছি বাছি তেওঁলোকক হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে । কেৱল যোৱা মাহৰ পৰা এই পর্যন্ত সন্ত্ৰাসবাদী আক্রমণত নজন নিহত হৈছে । ১২ মে’ত বদগামৰ চাদুৰা অঞ্চলত ৰাহুল ভট্ট নামে এজন চৰকাৰী কর্মচাৰী তথা কাশ্মীৰি পণ্ডিতক হত্যাৰ পাছৰ পৰাই সমগ্ৰ উপত্যকাত আতংকৰ সৃষ্টি হৈছে ।

ক্ষোভৰ বান্ধ ভাঙে সংখ্যালঘুসকলৰ মাজত । ইয়াৰ পাছতে ২৬ মে’ত নিজ বাসগৃহতে হত্যা হয় অমৰীন ভট্ট নামে এগৰাকী টেলিভিছন অভিনেত্রীৰ । এই ঘটনাৰ পাছত উপত্যকাৰ ৰাজনৈতিক নেতাসকলেও গৰিহণাত সৰৱ হয় । অৱশ্যে এনে পৰিস্থিতিত ৩১ মে’ত সাম্বা জিলাত ৰজনী বালা নামে এগৰাকী শিক্ষয়িত্ৰীক লক্ষ্য কৰে সন্ত্ৰাসবাদীয়ে ।

এই হত্যাকাণ্ডৰ ফলত উপত্যকাৰ বাহিৰত সুৰক্ষিত স্থানেঋত স্থানান্তৰৰ আবেদনত আন্দোলন কৰে প্রায় ৬,০০০ চৰকাৰী কর্মচাৰীয়ে । আন্দোলনৰ মাজতেই বৃহস্পতিবাৰে দুটা বিক্ষিপ্ত ঘটনাত বেংককর্মচাৰী আৰু ইটভাটাৰ শ্রমিকক গুলি কৰি হত্যা কৰে সন্ত্ৰাসবাদীয়ে । অন্য এক ঘটনাত আন এজন আহত হয় ।

Exit mobile version