Gauhati University গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

dac584f6 bcc3 43dd bd93 62b3a7708424

 

গুৱাহাটী বিশ্ববিদ্যালয় #GauhatiUniversity এন এছ এছ কোষ আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহযোগত  বিশ্ববিদ্যালয় চৌহদত আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন ৰূপায়ন কৰা হয়। বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক তথা এন এছ এছ ‘ৰ কাৰ্য্যসূচী সমন্বয়ক ডাঃ ৰঞ্জন কুমাৰ কাকতিয়ে ৰঙা চন্দনৰ গছপুলি ৰোপনেৰে এক অভিযান আৰম্ভ কৰি ড০ কাকতিয়ে তেওঁৰ ভাষণত এইবাৰৰ বিষয়বস্তু “কেৱল এখন পৃথিৱী” উল্লেখ কৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোকপাত কৰে। পৃথিৱীখনেই একমাত্ৰ গ্ৰহ য’ত আমি বাস কৰোঁ আৰু আমি ইয়াক ৰক্ষা কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। লগতেএন এছ এছৰ কাৰ্য্যসূচী বিষয়া ড০ ঋতুপৰ্ণ বৰা, স্নাতকোত্তৰ ছাত্ৰাসন্থাৰ সভাপতি শ্ৰী হেমেন কলিতা, সাধাৰণ সম্পাদক শ্ৰী বিকি শৰ্মাই বিশ্ব পৰিৱেশ দিৱসৰ গুৰুত্ব আৰু গুৱাহাটী বিশ্ববিদ্যালয় চৌহদক প্লাষ্টিক মুক্ত বিশ্ববিদ্যালয় গঢ়ি তোলাৰ বাবে আহ্বান জনায় । এন এছ এছৰ স্বেচ্ছাসেৱক, গৱেষক ছাত্ৰ, সমূহ হোষ্টেল আবাসী মিলি বিভিন্ন হোষ্টেল চৌহদত প্ৰায় ২০০ জোপা কৃষ্ণচূড়া, চন্দন, বকুল, শেৱালি , নিমৰ পুলি ৰোপণ কৰে।

Exit mobile version