Mount Everest আফগান-তালিবান যুদ্ধত দুখন ভৰি হেৰুৱাৰ পিছতো ব্ৰিটিছ সৈন্যই জয় কৰিব বিচাৰিছে এভাৰেষ্ট

তেওঁৰ নাম হৰি বুদ্ধ মগৰ। ১২ বছৰ পূৰ্বে আফগান-তালিবানৰ সংঘাতত তেওঁ দুখন ভৰি হেৰুৱাইছিল। শেহতীয়াকৈ তেওঁ এভাৰেষ্টৰ শিখৰত আৰোহণ কৰি এক আদৰ্শ দাঙি ধৰিবলৈ ওলাইছে।

1654438161 hari

আফগানিস্তানত তালিবানৰ বিৰুদ্ধে ২০১০ৰ  যুদ্ধৰ সময়ত হোৱা বিস্ফোৰণত তেওঁৰ দুয়োখন ভৰি হেৰাইছিল। তথাপিও মনৰ অদম্য ইচ্ছাশক্তিৰে তেওঁ পৃথিৱীৰ সৰ্বোচ্চ শৃংগত উঠি আদৰ্শ দাঙি ধৰিব আগবাঢ়িছে । তেওঁ ব্ৰিটিছ সেনাৰ হৰি বুঢ়া মগৰ। ১৫ বছৰ ধৰি ব্ৰিটিছ সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ কিলিমঞ্জাৰো পৰ্বতকে ধৰি বহুতো শৃংগ জয় কৰিছে। আফগান-তালিবানৰ সংঘাতৰ সময়ত তেওঁ আফগানিস্তানত উপস্থিত আছিল। হৰিয়ে অঞ্চলটোত টহল দি থকাৰ সময়তে সংঘটিত হয় এটা বিস্ফোৰণ। দুৰ্ভাগ্যজনকভাৱে তেওঁৰ দুখন ভৰি হেৰাই গ’ল। ২০১৬ত বন্ধু-বান্ধৱীসহ নিজৰ জন্মভূমি নেপাললৈ উভতি আহিছিল।

ভৰি দুখন হেৰাই হতাশ হৈ পৰিছিল হৰি বুঢ়া মগৰ । বেছিভাগ সময়তে তেওঁ মদ্যপান কৰিছিল। পত্নী আৰু তিনিটাৰ পৰিয়ালৰ আগত আদৰ্শ দাঙি ধৰিবলৈ তেওঁ নকল ভৰিৰে এভাৰেষ্ট আৰোহণ কৰাৰ সিদ্ধান্ত লয়। তেওঁ সপোন পূৰণৰ বাবে এখোজ এটাকৈ আগবাঢ়িছে।

Exit mobile version