হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা স্থানেৰে পুনৰ উজলিল শিক্ষানগৰী পাঠশালা

WhatsApp Image 2022 06 07 at 4.23.57 PM

বজালী সদৰ পাঠশালাৰ পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবেলিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগৰখনৰ দুখনকৈ ব্যক্তিগত খণ্ডৰ মুঠ চাৰিগৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষৰ ১০টাৰ ভিতৰত স্থান দখল কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ দুগৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰাৰ লগতে পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুলৰো দুগৰাকী শিক্ষাৰ্থীয়ে স্থান দখল কৰি সমগ্ৰ বজালীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষন হয় ৷

আনন্দৰাম বৰুৱা একাডেমিৰ শিক্ষাৰ্থী তথা পাঠশালা নগৰৰ তিনি নং ৱাৰ্ড নিৱাসী ব্যৱসায়ী ৰঞ্জিত কলিতা আৰু গৃহিনী নিৰু কলিতাৰ পুত্ৰ স্বপ্নৰাজ কলিতাই ৰাজ্যখনৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰখা স্বপ্নৰাজে অসমীয়াত ৯৭, ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৭ আৰু কম্পিউটাৰ বিজ্ঞানত ১০০ নম্বৰৰে মুঠ ৫৯৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ দৈনিক আঠ-ন ঘন্টা অধ্যয়ন কৰাৰ লগতে আজৰি সময়ত গান শুনি ভাল পোৱা স্বপ্নৰাজে এই সাফল্যৰ বাবে পিতৃ-মাতৃ, শিক্ষানুষ্ঠানখনৰ ৰেক্টৰ ড০ ৰণজিৎ ডেকা, অধ্যক্ষ নন্দিতা বৰ্মন ডেকাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱদানৰ কথা স্বীকাৰ কৰে ৷

শিক্ষানুষ্ঠানখনৰ পৰা সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হোৱা পাটাছাৰকুছি নগৰ নিৱাসী তথা টিহু চিকিৎসালয়ৰ উপ অধীক্ষক ডা: তপন তালুকদাৰ আৰু গৃহিনী সীমা তালুকদাৰৰ পুত্ৰ জ্যোতিপল তালুকদাৰে অসমীয়াত ৯৩, ইংৰাজীত ৯৮, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ১০০, উচ্চ গণিতত ১০০ নম্বৰৰে মুঠ ৫৯১ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰখা জ্যোতিপলে আজৰি সময়ত কেৰম, ডবা খেলৰ লগতে জুবিন গাৰ্গৰ গান শুনি ভাল পায় ৷ আনন্দৰাম বৰুৱা একাডেমিতে বিজ্ঞান শাখাত নামভৰ্তি কৰিব বুলি জানিবলৈ দি একাগ্ৰতা আৰু অধ্যৱসায় থাকিলে যিকোনো কামতে সফলতা লাভ কৰিব পাৰি বুলি মন্তব্য কৰে ৷ দৈনিক সাত-আঠ ঘন্টাকৈ অধ্যয়ন কৰা জ্যোতিপলে শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা যথেষ্ট সুবিধা পাইছিল বুলি উল্লেখ কৰি এই সফলতাৰ বাবে বিশেষকৈ পিতৃ-মাতৃ, আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ, অধ্যক্ষৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ শলাগ লয় ৷

ফল ঘোষণাৰ পাছতে দুয়োগৰাকী শিক্ষাৰ্থীক লৈ শিক্ষানুষ্ঠানখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে শিক্ষাৰ্থী দুগৰাকীক লৈ সমগ্ৰ পাঠশালা নগৰৰ মাজেৰে এক শোভাযাত্ৰা উলিওৱা হয় ৷ আনহাতে, পাঠশালা শিক্ষাপীঠ হাইস্কুলৰ পৰাও দুগৰাকী ছাত্ৰই স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ক্ৰমে হৰ্ষিত বৰ্মনে অষ্টম আৰু ডিভাইন এ.পি. শৰ্মাই নৱম স্থান দখল কৰি শিক্ষানুষ্ঠানখনলৈ খ্যাতি কঢ়িয়াই আনে ৷

হৰ্ষিতে অসমীয়াত ৯৬, ইংৰাজীত ১০০, গণিতত ১০০, বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৬, উচ্ছ গণিতত ১০০ মুঠ ৫৯০ আৰু ডিভাইন এ.পি. শৰ্মাই অসমীয়াত ৯৭, ইংৰাজীত ১০০, গণিতত ১০০, বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৪, উচ্ছ গণিতত ১০০ মুঠ ৫৮৯ নম্বৰ পাবলৈ সক্ষম হয় ৷

নলবাৰী জিলাৰ টিহু নগৰ নিৱাসী ৪ নং ৱাৰ্ডৰ জিতেন বৰ্মন আৰু গীতিকা কলিতাৰ পুত্ৰ হৰ্ষিত বৰ্মনে গীত গাই আৰু ছবি আঁকি ভাল পায় ৷ মাতৃ টিহু হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষক আৰু সংগীত শিল্পী পিতৃয়ে পুত্ৰৰ সাফল্যত যথেষ্ট আনন্দ প্ৰকাশ কৰে ৷ হৰ্ষিতে ভৱিষ্যতে নীট আৰু জেইই পৰীক্ষা দি চিকিৎসক নাইবা অভিযন্তা হোৱাৰ সপোন দেখিছে ৷

আনহাতে, নৱম স্থানপ্ৰাপ্ত বজালী জিলাৰ ভোগপুৰ নিৱাসী তথা অকয়া হাইস্কুলৰ সহকাৰী বিজ্ঞান শিক্ষক প্ৰশান্ত শৰ্মা আৰু মাতৃ কবি, লেখিকা অনু দেবীৰ পুত্ৰ ডিভাইন এ পি শৰ্মাই ভৱিষ্যতে এগৰাকী সৎ চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে ৷ ডিভাইন এ.পি. শৰ্মাই আজৰি সময়ত ছবি আঁকি, গান শুনি, ভায়লিন বজাই ভাল পায় ৷

আজিৰ এই সাফল্যত আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ ড৹ ৰণজিৎ ডেকা, ছিনিয়ৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ নন্দিতা বৰ্মন, শীক্ষাপীঠৰ প্ৰধান শিক্ষক উৎপল বৰকাকতিসহ শিক্ষক-শিক্ষয়িত্ৰীসকলে সন্তোষ প্ৰকাশ কৰি শিক্ষাৰ্থীসকলক অভিনন্দন জনায় ৷

Exit mobile version