একাগ্ৰতা থাকিলে হেজাৰো প্ৰতিকূলতাক নেওচি নিজৰ সাফল্য অনাটো যে কঠিন নহয় সেয়া প্ৰমাণ কৰি দেখুৱালে গোসাঁইগাঁও মহকুমাৰ অতিকৈ পাছপৰা অঞ্চল চাওতাল কলোনীৰ এগৰাকী ছাত্ৰীয়ে। কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোসাঁইগাঁও মহকুমাৰ চাওতাল কলোনীৰ ঠাকুৰপুৰ গাঁৱৰ বাসিন্দা তথা লয়লা ইংলিছ মেডিয়াম স্কুলৰ ছাত্ৰী অঞ্জালী মাৰ্ডীয়ে ৫৫৯ (৯৩,০৫ %) নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈ চাওতাল জনগোষ্ঠীৰ মাজত এক অভিলেখ সৃষ্টি কৰিছে।ছাত্ৰী গৰাকীৰ এই সফলতাই সমগ্ৰ অঞ্চলৰ গৌৰৱ কঢ়িয়াই অনাৰ লগতে শৈক্ষিক-আৰ্থিক দিশত পিছুৱাই থকা চাওতাল জনগোষ্ঠীৰ মাজত এক অনুপ্ৰেৰণাৰ সৃষ্টি কৰিছে বুলি সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক ৰিমন চাকু চৰেনে মন্তব্য কৰে। অতিকৈ পাছপৰা অঞ্চলৰ বাসিন্দা তথা দৰিদ্ৰতাৰ লগত যুদ্ধ কৰি জিয়াই থকা পৰিয়ালৰ এই গৰাকী মেধাৱী ছাত্ৰীৰ আই এ এছ বিষয়া হোৱাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰী তথা বিটিচিৰ মুৰব্বীৰ হস্তক্ষেপ বিচাৰিছে ছাত্ৰ নেতা গৰাকীয়ে। উল্লেখ্য যে ১৯৯৬ চনত বড়ো আৰু আদিবাসীৰ মাজত সংঘটিত গোষ্ঠীগত সংঘৰ্ষৰ সময়ত জাতিটোক ৰক্ষা কৰিবলৈ হাতত মাৰনাস্ত্ৰ তুলি লৈ দীৰ্ঘ দিন সশস্ত্ৰ সংগ্ৰাম চলাই অৱশেষত মূল সুঁতি লৈ ঘুৰি আহি খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰা মছে মাৰ্ডী ওৰফে লম্বুৰ একমাত্ৰ কন্যা অঞ্জালীৰ এই সফলতাৰ কৃতিত্ব মাতৃ পুষ্পলতা চৰেনে পিতৃৰ লগতে লয়লা ইংলিছ মেডিয়াম স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী সকলক দিছে।একমাত্ৰ কন্যাৰ ভৱিষ্যত সপোন পূৰণ কৰিবলৈ পিতৃ-মাতৃয়ে যৎপৰোনাস্তি চেষ্টা কৰিব বুলি কয়।চৰকাৰৰ তৰফৰ পৰা সহায় পালে কন্যাৰ আই এ এছ বিষয়া হোৱাৰ সপোন নিশ্চয় বাস্তৱায়িত হ’ব বুলি আশা প্ৰকাশ কৰিছে ছাত্ৰী গৰাকীৰ পিতৃ মাতৃয়ে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাওতাল জনগোষ্ঠীৰ মাজত সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে অঞ্জালী মাৰ্ডীয়ে
এই গৰাকী মেধাৱী ছাত্ৰীৰ আই এ এছ বিষয়া হোৱাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰী তথা বিটিচিৰ মুৰব্বীৰ হস্তক্ষেপ বিচাৰিছে
-
By publisher
Related Content

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026