Bank Holidays : অচিৰে চাৰিদিন বন্ধ থাকিব বেংক; জানক কোন কোন দিনা ?

d908225c a4e1 11ea a5bb 117a420bfddf 1591124597291 1639355955687

অতি সম্প্রতি চাৰিদিন বন্ধ থাকিব বেংক । মাহৰ প্রায় মাজভাগতে বেংক বন্ধ থকাৰ বাবে সাধাৰণভাৱেই সংকটৰ সৃষ্টি হ’ব পাৰে । অসুবিধাৰ সন্মুখীন হ’ব পাৰে গ্রাহকসকল ।

অহা ১১ জুনৰ পৰা ১৫ জুনৰ ভিতৰত চাৰিদিনেই বন্ধ থাকিব বেংক । অৱশ্যে গ্রাহকসকলৰ বাবে সুখৰ খবৰ যে, সকলো বেংকেই একেলগে বন্ধ নাথাকিব । সমগ্ৰ দেশতে একে দিনাই বেংক বন্ধ থাকিব, তেনে নহয় । কোনো কোনো অঞ্চলত বেংক বন্ধ থাকিলে, কোনো কোনো অঞ্চলত খোলা থাকিব ।

এই চাৰিদিন ছুটিৰ মাজতে আছে উইকেণ্ড অফছ, ছেকেণ্ড ছেটাৰ ডে আৰু দেওবাৰ । ১১ জুন মাহৰ দ্বিতীয় শনিবাৰ, ১২ জুন দেওবাৰ – বেংকৰ অফিচিয়েল ছুটিৰ দিন । ১৪ জুন সন্ত গুৰু কবীৰ জয়ন্তীত বেংক বন্ধ থাকিব চণ্ডীগড়, হিমাচল প্রদেশ, পঞ্জাৱ আৰু উৰিষ্যাত । পাছদিনা ১৫ জুন গুৰু হৰগোবিন্দ বার্থডে; ফলত বেংক বন্ধ থাকিব জম্মু-কাশ্মীৰ আৰু উৰিষ্যা আৰু মিজোৰামত ।

সেয়ে চলিত মাহৰ মাজভাগতে গ্রাহকসকলে বেংকত যোৱাৰ আগতে যেন কিছু সন্ধান কৰি লয়, সেইটোৱে কাম্য । অৱশ্যে ফিজিকেলি বেংকত নগৈ যিসকল গ্রাহকে অনলাইন ট্রানজেকছনত যাব সেইসমূহ ছুটিৰ দিনতো তেওঁলোকৰ কাম অব্যাহত থাকিব ।

Exit mobile version