Journalist Missing : আমাজনত নিখোজ সাংবাদিকসহ দুই

1654735967 journalist missing

তিনি দিন অতিক্ৰম হ’ল । এতিয়াও কোনো সন্ধান নাই তেওঁলোকৰ । তেওঁলোক এতিয়াও জীৱিত নে ? সম্প্ৰতি এই প্রশ্ন সকলোৰে মুখত ।

দেওবাৰৰ পৰা আমাজনৰ গভীৰ অৰণ্যত সন্ধানহীন ব্রিটিশ সাংবাদিক ডম ফিলিপ্স (৫৭) আৰু তেওঁৰ সংগী, ব্রাজিলৰ জনজাতি বিশেষজ্ঞ ব্রুন’ পেৰেৰা (৪১) । পেৰুৰ সীমান্তৱর্তী ব্রাজিলৰ জাভাৰি উপত্যকাৰ কোনো নদীত নৌকা লৈ গৈছিল তেওঁলোকে । তাৰ পাছত আৰু কোনো খবৰ নাই । ফিলিপ্স আৰু পেৰেৰা দুয়োজনেই অভিজ্ঞ । ফলত অৰণ্যত হেৰুৱাৰ সম্ভাৱনা কম । ফিলিপ্স ব্রিটিশ নাগৰিক হ’লেও দীর্ঘদিন ধৰি তেওঁ ছালভাদৰ নিবাসী । আমাজনৰ দুর্গম অঞ্চলত জনজাতিক লৈয়েই কাম পেৰেৰাৰ ।

প্রায় ৮৫ হেজাৰ বর্গ কিলোমিটাৰজুৰি বিস্তৃত আমাজনৰ এই জাভাৰি উপত্যকা । ঘন, প্রাচীন এই অৰণ্যত প্ৰায় ২৬টা জনজাতিৰ বাস । যিসকলৰ ভিতৰত ১৯টা সম্প্রদায়ৰ বাহিৰৰ পৃথিৱীৰ স’তে যোগাযোগ নাই । তেওঁলোকৰ হাতত বন্দী হোৱাৰ শংকা একেবাৰে নাই বুলি ক’ব নোৱাৰি । অৱশ্যে তেওঁলোকৰ পৰিয়াল আৰু ঘনিষ্ঠ বৃত্তৰ পৰা অন্য এটা শংকা পোৱা গৈছে । এই অঞ্চলটো চোৰাং কাঠ সৰবৰাহকাৰী, চোৰাং চিকাৰী, অবৈধ সোণ খনন, বিশেষকৈ মাদক সৰবৰাহকাৰীসকলৰ স্বর্গৰাজ্য । এই অঞ্চলৰ ওপৰত আধাৰিত এখন কিতাপৰ বাবে গৱেষণা চলাইছিল ফিলিপ্সে । সেয়ে তেওঁৰ আমাজনৰ গভীৰত আহ-যাহ বাঢ়িছিল । বিষয়টো ভালভাৱে নলয় অনেকেই । পৰিয়াল সূত্রে খবৰ, এই অঞ্চলত যোৱাত নিষেধ কৰি বিগত সপ্তাহতেই ফিলিপ্স আৰু পেৰেৰাৰক সকীয়নি দি ফোন আহে । ফলত অবৈধ সৰবৰাহকাৰীয়ে অপহৰণ বা হত্যা কৰাৰ শংকাও বঢ়াইছে ।

বাস্তৱত যিয়ে নঘটক লাগিলে, তেওঁলোকক দ্রুত উদ্ধাৰৰ বাবে ব্রাজিল চৰকাৰক আবেদন জনাইছে ফিলিপ্স আৰু পেৰেৰাৰ পৰিয়াল আৰু একাধিক সংগঠনে । ফিলিপ্সৰ পত্নী এলেছান্দ্রা ছেম্পিয়’ই এটা ভিডিঅ’ বার্তাত কয়, ‘‘চৰকাৰক আবেদন জনাওঁ, তেওঁলোকক দ্রুত উদ্ধাৰৰ ব্যৱস্থা কৰা হ‌ওক । তেওঁলোকৰ সন্ধান পাব বুলি এতিয়াও আশা কৰিছো ।’’

ব্রাজিলৰ প্রশাসনেও এই বিষয়ত গভীৰ উদ্বেগ প্রকাশ কৰিছে । যদিও ৰাষ্ট্ৰপতি জাইৰ বোলছোনাৰোৱে এই ঘটনাৰ বাবে ফিলিপ্সকেই দোষাৰোপ কৰিছে । তেওঁ কয়, ‘‘এনে দুর্গম অঞ্চলত দুজনে নাৱত যোৱা একেবাৰে সঠিক নহয় । যিকোনো হ’ব পাৰে । হয়তো তেওঁলোক দুর্ঘটনাৰ সন্মুখীন হৈছে । হয়তো কোনোৱে তেওঁলোকক হত্যা কৰিছে ।’’ এনে মন্তব্যৰ ফলত সমালোচিত হৈছে বোলছোনাৰো ।

আমাজনৰ আৰক্ষীয়ে জনাইছে, এজন সন্দেহজনক লোকক আটক কৰি সোধ-পোচ কৰা হৈছে । চাৰি জনৰ সাক্ষ্য‌ও লোৱা হৈছে । ব্রাজিলৰ প্রতিৰক্ষামন্ত্রীয়ে জনাইছে, ফিলিপ্সহঁতক বিচাৰি বিশেষ প্রশিক্ষণপ্রাপ্ত ১৫০ জন সেনা মোতায়েন কৰা হৈছে । দ্বিতীয় হেলিকপ্টাৰ প্ৰেৰণ কৰাৰ কথাও জনাইছে প্রশাসনে । অৱশ্যে তাৰ আগতে স্থানীয় তিনিটা মানৱ অধিকাৰ ৰক্ষা সংগঠনে একেলগে বিবৃতি দি জনাইছিল, মাত্র ছজন আৰক্ষীকৰ্মীক ফিলিপ্সহঁতৰ সন্ধান চলোৱা দেখা গৈছে । অভিযোগ, ব্রাজিলৰ প্রশাসনে বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই ।

Exit mobile version