এছিয়াত প্রথমবাৰ গাঞ্জা কৃষিক বৈধ ঘোষণা কৰিলে থাইলেণ্ডে

76730874

গাঞ্জা (Cannabis) নিচাজাতীয় দ্রব্য হোৱাৰ লগতে, ইয়াৰ একাধিক ঔষধী গুণো আছে । তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ গাঞ্জা কৃষিক বৈধ ঘোষণা কৰিলে থাইলেণ্ডে (Thailand) । কেৱল কৃষিয়ে নহয়, উপকাৰী খাদ্য আৰু পানীয় হিচাপেও গাঞ্জাক বৈধ বুলি জনাইছে থাইলেণ্ড চৰকাৰে । অৱশ্যে জনসমক্ষত গাঞ্জা সেৱনত পূৰ্বৰ দৰেই আছে নিষেধাজ্ঞা ।

ইউৰোপ আৰু আমেৰিকাৰ কে’বাখনো দেশত গাঞ্জা খেতি বৈধ । অৱশ্যে থাইলেণ্ডেই এছিয়াৰ প্রথম দেশ যিয়ে গাঞ্জা খেতিক বৈধ বুলি ঘোষণা কৰিলে । বৃহস্পতিবাৰে এই সংক্রান্তত বিজ্ঞপ্তি জাৰি কৰে সেই দেশৰ স্বাস্থ্যমন্ত্রণালয়ে ।

উল্লেখ্য, ২০১৮ত গাঞ্জা মজুত ৰখাক আইনী স্বীকৃতি দিছিল থাইলেণ্ড চৰকাৰে । সূত্রৰ খবৰ, ইয়াৰ পাছতো সেই দেশত গাঞ্জাৰ অবৈধ আমদানি বাঢ়িছিল । কাৰণ গাঞ্জা খেতিত নিষেধাজ্ঞা আছিল । আশা কৰা হৈছে চৰকাৰী পদক্ষেপত অবৈধ আমদানি কমিব । গাঞ্জা খেতিত উৎসাহ দিবলৈ আৰু উৎপাদন বৃদ্ধিৰ লক্ষ্যত কৃষকসকলক ১০ লাখ গাঞ্জা পুলি বিতৰণ কৰাৰো সিদ্ধান্ত লৈছে । থাইলেণ্ডৰ স্বাস্থ্যমন্ত্রণালয় সূত্রে খবৰ ।

উল্লেখ্য, চৰকাৰীভাৱে ইমান দিনে গাঞ্জাৰ ক্ষেত্ৰত বিভিন্ন নিষেধাজ্ঞা থাকিলেও থাইলেণ্ডত গাঞ্জা অতি জনপ্রিয় । অৱশ্যে ঔষধ হিচাপেও গাঞ্জাৰ বহুল ব্যৱহাৰ হয় দেশত । নতুন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে, চিকিৎসাৰ বাবে উপকাৰী খাদ্য আৰু পানীয় হিচাপেও গাঞ্জা গ্রহণ কৰিব পাৰিব, অৱশ্যে নিচাজাতীয় দ্রব্য হিচাপে গাঞ্জাৰ ব্যৱহাৰ আগৰ দৰেই অবৈধ । ফলত মাদক হিচাপে গাঞ্জা সেৱন কৰিলে কঠোৰ শাস্তি হ’ব পাৰে । থাইলেণ্ডৰ আইন অনুযায়ী, জনসমক্ষত গাঞ্জা খালে তিনি মাহৰ কাৰাদণ্ড আৰু ৬০ হেজাৰ টকা জৰিমনা বিহা হয় ।

এই বিষয়ত এটা বিবৃতিত থাইলেণ্ডৰ স্বাস্থ্যমন্ত্রীয়ে জনাইছে, ক’ভিডৰ পাছত সমগ্ৰ বিশ্বৰ দৰেই দুর্বল হৈছিল থাইলেণ্ডৰ অর্থনীতি । দেশৰ অর্থনীতি সবল কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে । “অৱশ্যে নিচাৰ বাবে গাঞ্জা ব্যৱহাৰৰ বিৰুদ্ধে এতিয়াও আইন আছে । তেনে কাৰ্য কৰিলে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা হ’ব ।” তেওঁ আৰু কয়, “বিদেশী পর্যটকসকলে নাভাবিব যে থাইলেণ্ডত গ’লে যথেষ্ট গাঞ্জা সেৱন কৰিব পাৰিব ।”

Exit mobile version