কুতুব মিনাৰত হিন্দু আৰু জৈন মন্দিৰ পুনৰুদ্ধাৰৰ আবেদন খাৰিজ কৰিলে দিল্লী আদালতে

iStock 165204592

কুতুব মিনাৰ চৌহদত মন্দিৰ পুনৰুদ্ধাৰ (Temple restoration) সম্পর্কিত গোচৰত স্থগিতাদেশ দিলে দিল্লী আদালতে (Delhi court) । কুতুব উল ইছলাম মছজিদত ২৭টা হিন্দু মন্দিৰ আৰু জৈন মন্দিৰ পুনৰুদ্ধাৰৰ দাবী জনাই এই গোচৰ দাখিল কৰা হৈছিল । ইপিনে কুনৱাৰ মহেন্দ্র সিং নামে এজন ব্যক্তিৰ দাবী, দক্ষিণ দিল্লীৰ অধিকাৰ তেওঁৰেই । এই ব্যক্তিজনে নিজকে ৰাজ পৰিয়ালৰ বংশধৰ বুলি দাবী কৰে আদালতে । তেওঁৰ আৰৃবেদনৰ শুনানি প্রসংগত অতিৰিক্ত জিলাপ্ৰশাসক দীনেশ কুমাৰে জনাইছে, আগন্তুক দিনত এই গোচৰৰ শুনানি হ’ব ।

মহেন্দ্র সিং নামে এই ব্যক্তিৰ আইনজীৱী এম এল শর্মাৰ দাবী, ১৯৪৭ত তেওঁৰ মক্কেলৰ পূর্বপুৰুষ ৰজা ৰোহিণীৰমন ধ্বজ প্রসাদৰ জীৱনকালত ভাৰত স্বাধীন হৈছিল । তেওঁ ১৯৫০ পর্যন্ত মীৰাটৰ পৰা আগ্রা পর্যন্ত চাৰিটা এষ্টেটৰ স্বত্বাধিকাৰী আছিল । আদালতত তেওঁ জনায় স্বাধীনতাৰ পাছত তৎকালীন জৱাহৰলাল নেহেৰু চৰকাৰৰ তৰফৰ পৰা এই পৰিয়ালৰ স’তে কোনো সন্ধি চুক্তি কৰা নহয়, আনকি সংযুক্তিকৰণৰ পথো অৱলম্বন কৰা নাই চৰকাৰে, অধিগ্রহণো নহয়, ক্ষতিপূৰণো দিয়া নহয় ।

মহেন্দ্র সিঙে অভিযোগ কৰিছে ইমান দিনে দিল্লী চৰকাৰ আৰু উত্তৰ প্রদেশ (UP) চৰকাৰে কোনো আইনী প্রক্রিয়া অনুসৰণ নকৰাকৈয়ে তেওঁৰ আইনগত অধিকাৰ হৰণ কৰিছে । তেওঁৰ অধিবক্তাই দাবী কৰিছে তেওঁ গোচৰতো পুংখানুপুংখভাৱে তদন্ত কৰিছে আৰু তেওঁৰ মক্কেলৰ সম্পত্তিৰ আইনী অধিকাৰ ৰক্ষা কৰাই তেওঁৰ প্রধান লক্ষ্য ।

প্রসংগত কিছুদিন আগতে দাবী উত্থাপিত হয়, কুতুবউদ্দিনে তেওঁৰ শাসনকালত হিন্দু (Hindu) আৰু জৈন মিলাই মুঠ ২৭টা মন্দিৰ ধ্বংস কৰিছে । সেই ধ্বংসপ্রাপ্ত মন্দিৰৰ ঠাইত গঢ়ি তুলিছিল মছজিদ । এই গোচৰতো আৰম্ভণিতেই স্থগিত কৰিছিল আর্কিঅ’লজিকেল ছার্ভে অৱ ইণ্ডিয়াই । জনোৱা হয়, মৌলিক অধিকাৰ প্রতিষ্ঠাৰ বাবে স্থাপত্য খনন কৰি মাটি তছনছ কৰিব নোৱাৰিব । পাছত পুনৰ একেই দাবী জনাই গোচৰ দাখিল কৰা হয় । কালি এই গোচৰৰেই শুনানি হোৱাৰ কথা আছিল ।

Exit mobile version