Food Wastage : খাদ্য নষ্ট কৰিব নোৱাৰিব ! খাদ্যৰ অপচয় ৰোধ কৰিবলৈ নতুন নিয়ম ৰেস্তোৰাঁত

1654782341 new project 2022 06 09t191523 870

বিশ্বৰ মুঠ জনসংখ্যাৰ প্রায় ৮.৯ শতাংশ‌ই নিয়মিত ভোকৰ স’তে যুঁজ দিবলগীয়া হয় । পৰিসংখ্যা অনুযায়ী, স্পেইনত প্রতি বছৰে প্রায় ১.৩৬ মিলিয়ন টন খাদ্য আৰু পানীয় অপচয় কৰে যি জনপ্রতি প্রায় ৩১ কিলোগ্রামৰ সমান । জনে প্ৰতি যাৰ আর্থিক মূল্য ভাৰতীয় মুদ্রাত প্রায় ২১ হেজাৰ টকা । টকাৰ পৰিমাণ চকু কপালত তোলাৰ দৰেই । এই বিপুল খাদ্যৰ অপচয় ৰোধ কৰিবলৈ এটা গুৰুত্বপূর্ণ পদক্ষেপ লৈছে স্পেইন চৰকাৰে । এটা নতুন আইন পাছ হৈছে যাৰ নাম ‘ডগি বেগ’ ।

কি এই ‘ডগি বেগ’ আইন ?

মঙলবাৰে স্পেনিছ চৰকাৰ কর্তৃপক্ষ‌ই পাছ কৰা নতুন বিলৰ অধীনত দেশৰ ৰেস্তোৰাঁ আৰু বাৰবোৰৰ তৰফৰ পৰা তেওঁলোকৰ গ্রাহকৰ ৰৈ যোৱা খাদ্য পেলাই নিদি সেয়া ঘৰত লৈ যাবৰ বাবে এটা বেগ দিয়াৰ ব্যৱস্থা কৰা হৈছে । কোনো ৰেস্তোৰাঁ বা বাৰে যদি বেগ নিদিয়ে, সেই ক্ষেত্রত দুহেজাৰ ইউৰো অর্থাৎ ভাৰতীয় মুদ্রাত প্রায় এক লাখ ৬০ হেজাৰ টকা জৰিমনা বিহা হ’ব ।

খাদ্যৰ অপচয় হ্ৰাস কৰিবলৈ চৰকাৰৰ তৰফৰ পৰ এই উদ্যোগ লোৱা হৈছে । এই নিয়ম কঠোৰভাৱে মানাৰো নির্দেশ দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা । খাদ্যৰ অপচয় কম কৰাৰ উপৰিও দেশৰ কোনো যাতে ভোকত নাথাকে তাৰ বাবে খুচুৰা দোকানী আৰু ব্যৱসায়ীসকলকো খাদ্যদ্রব্যৰ দাম কম কৰিবলৈ কোৱা হৈছে ।

‘ইউনাইটেড নেছনছ এনভায়ৰনমেন্ট’-ৰ ২০২১ৰ এটা সমীক্ষা অনুযায়ী সমগ্ৰ বিশ্বত ২০১৯ত বিক্রী হোৱা প্রায় ৯৩০ কোটি টন খাদ্য নষ্ট হৈছে । বিশ্বৰ দোকান, ৰেস্তোৰাঁবোৰৰ লৈ যোৱা খাদ্ত পেলাই দিয়া হয় । যাৰ প্রভাৱ পৰে বিশ্ব অর্থনীতিত । ‘ইউৰোপীয় ইউনিয়ন’এ সম্প্রতি ৰাষ্ট্ৰসংঘৰ লক্ষ্যমাত্রা অনুসৰি ২০৩০ৰ ভিতৰত বিশ্বৰ মুঠ বর্জ্যপদার্থতকৈ খাদ্যৰ পৰিমাণ অর্ধেক কৰাৰ প্রতিশ্রুতি দিছে ।

Exit mobile version