Labour Laws : সপ্তাহত তিনি দিন ছুটি, দৈনিক ১২ ঘণ্টা কাম, কেতিয়াৰ পৰা কাৰ্যকৰ হ’ব নতুন শ্রম আইন ?

worker

সংসদত আগতেই পাছ হৈছে । নৰেন্দ্র মোদী চৰকাৰে অহা এক জুলাইৰ পৰা দেশজুৰি নতুন শ্রম আইন আৰম্ভ কৰাৰ সম্ভাৱনা আছে বুলি চৰকাৰী সূত্রৰ খবৰ । নতুন শ্রম আইন কার্যকৰ হ’লে কর্মচাৰীসকলৰ বেতন, সামাজিক সুৰক্ষা প্রকল্প (ইপিএফ, পেনছন আৰু গ্রেচুইটি), স্বাস্থ্য নিৰাপত্তা সংক্রান্ত বিধি আনকি কামৰ সময় বহু বদলি যাব ।

২০২০ৰ শেষ পর্বত সংসদত শ্রম বিল পাছ কৰিছিল মোদী চৰকাৰে । শ্রম ক্ষেত্রত সংস্কাৰৰ লক্ষ্যে ৪৪টা কেন্দ্রীয় শ্রম আইনৰ ভিতৰত ১৫টা ‘বর্তমান সময়ৰ পক্ষে অপ্রাসংগিক’ চিহ্নিত কৰি বাতিল কৰে কেন্দ্র‌ই । বাকী ২৯টা লৈ অনা হয় চাৰিটা শ্রমবিধিত । এইবাৰ সেই শ্রমবিধিবোৰ কার্যকৰ কৰাৰ ইংগিত পোৱা গৈছে কেন্দ্রৰ তৰফৰ পৰা ।

এই চাৰি শ্রমবিধি কার্যকৰ হ’লে কর্মচাৰীসকলৰ দৈনিক কামৰ সময় বাঢ়ি ১২ ঘণ্টা পর্যন্ত হ’ব পাৰে । সেই ক্ষেত্রত বাঢ়িব সাপ্তাহিক ছুটিৰ সংখ্যাও । আনকি, সপ্তাহত তিনি দিন ছুটিও পাব পাৰে । কর্মীসকলৰ সাপ্তাহিক অ’ভাৰটাইমৰ সর্বোচ্চ সীমা ৫০ ঘণ্টাৰ পৰা বাঢ়ি হ’ব পাৰে ১২৫ ঘণ্টা ।

নতুন শ্রমবিধিত কর্মীসকলৰ মুঠ বেতনৰ অন্তত ৫০ শতাংশ ‘বেছিক’ হ’ব লাগিব । লগতে বাঢ়িব কর্মী আ আৰু নিয়োগকাৰী সংস্থাৰ পিএফ অনুদানো । অবসৰৰ সময়ত পোৱা গ্রেচুইটিৰ অংক‌ও বাঢ়িব । অসংগঠিত ক্ষেত্রৰ শ্রমিকসকলৰ বাবে সামাজিক সুৰক্ষা তহবিলৰ সুযোগো আছে শ্রমবিধিত ।

ক’ভিড অতিমাৰীৰ সময়ত দেশৰ বহু সংস্থাই ‘ৱর্ক ফ্রম হোম’ আৰম্ভ কৰিছিল । পৰিস্থিতি কিছু স্বাভাৱিক হয় যদিও এতিয়াও বহু সংস্থাই সেয়া বজায় ৰাখিছে । নতুন শ্রম বিধিত এই সংক্রান্তত সুনির্দিষ্ট নির্দেশনা আছে । সংসদত পাছ হোৱা শ্রম সংস্কাৰ বিলত কোৱা হৈছিল, কোনো ৰাজ্যত নতুন বিধি আৰম্ভ কৰিবলৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ অনুমোদনৰ প্রয়োজন । এই পর্যন্ত কেন্দ্রৰ আবেদনমৰ্মে দেশৰ ২৩ খন ৰাজ্য‌ই শ্রমবিধি সংস্কাৰ কৰিছে ।

Exit mobile version