Viral : ৰেললাইনত বিদ্যুৎস্পৃষ্ট যাত্রী, ৬০০ ভ’ল্টৰ বিদ্যুতক উপেক্ষা কৰিও প্রাণ ৰক্ষা কৰিলে চিকাগোৰ যুৱকে

1654861203 viral

ৰেললাইনত পৰি অচেতন এক যাত্রী । বৈদ্যুতিক লাইনৰ শ্বক লাগি সমগ্ৰ দেহ কোছ খাই গৈছে তেওঁৰ । এই দৃশ্য দেখি আশ-পাশৰ যাত্রীসকলে চিঞৰ-বাখৰ কৰিলেও ব্যক্তিজনক ৰক্ষা কৰিবলৈ কোনো আগবাঢ়ি নাহে । কিন্তু ব্যতিক্রম, চিকাগোৰ এজন যুৱক ! নিজৰ জীৱন প্ৰতি আওকান কৰিও তেওঁ ৰেললাইনত নামি যায় । মুৰ্চিত যাত্রীজনক উঠাই আনি তেওঁৰ প্রাণো ৰক্ষা কৰে । সম্প্রতি সামাজিক মাধ্যমত আমেৰিকাৰ এটা ৰেল ষ্টেচনৰ এই ভিডিঅ’ ভাইৰেল হৈছে ।

আমেৰিকাৰ সংবাদমাধ্যমে জনাইছে, সহযাত্রীক উদ্ধাৰৰ পাছত নায়কৰ সন্মান লাভ কৰিছে টোনি পেৰি নামে ২০ বছৰৰ যুৱকজনে । স্থানীয় মঞ্চত লাভ কৰিছে সম্বর্ধনাসহ এটা নতুন অ’ডি এ৬ বিলাসবহুল গাড়ী । টোনিয়ে কয়, ‘‘লোকজনৰ যে প্রাণ ৰক্ষা পৰিল, ম‌ই তাতেই সুখী । সঁচাকৈ ক’বলৈ গ’লে, নিজকে হিৰ’ বুলিও নাভাবো !’’

ঘটনাৰ সময়ত অনেকেই আতংকিত হৈ দৌৰা-দৌৰি আৰম্ভ কৰে । অনেকে আকৌ এই মর্মান্তিক দৃশ্য ম’বাইল কেমেৰাত বন্দী কৰাত ব্যস্ত । অৱশ্যে সহযাত্রীৰ চৰম সংকটত সহায় কৰিলে চিকাগোৰ বাসিন্দা টোনিয়ে । ৩৩ ছেকেণ্ডৰ ভাইৰেল ভিডিঅ’ত দেখা গৈছে, নীলা জিন্স আৰু বগা টি-শ্বার্ট পৰিধান কৰা এজন লোক চিৎ হৈ দুটা ৰেললাইনৰ মাজত পৰি আছে । ৬০০ ভ’ল্টযুক্ত বৈদ্যুতিক লাইনৰ শ্বক লাগি জ্ঞানশূন্য । এনে পৰিস্থিতিত তেওঁৰ দেহ কোছ খাই গৈছে । এই দৃশ্য দেখা মাত্রই ৰেললাইনত নামি লোকজনক উদ্ধাৰ কৰে টোনিয়ে । তেওঁ কয়, ‘‘লোকজনৰ নিজৰ ওপৰত কোনো নিয়ন্ত্রণ নাছিল… ৰেললাইনত নমাৰ সময়ত শুনিবলৈ পালো, কোনোৱে যেন কৈছে, ‘তেওঁৰ গাত হাত নিদিব !’ ম‌ই তাৰ পৰা ফালৰি কাটি যাব পাৰিলো হয় । কিন্তু তেনে নকৰিলো, বোধহয় ঈশ্বৰে সেইটো বিচৰা নাই ।’’

কিয় এনে কাম কৰিলে ? সংবাদমাধ্যমৰ এই প্রশ্নৰ উত্তৰত টোনিয়ে কয়, ‘‘যদি ম‌ই এই পৰিস্থিতিত পৰিলো হয়, তেন্তে লোকজনৰ পৰা কি আশা কৰিলো হয় ?’’

স্থানীয় সূত্রে খবৰ, এজন সহযাত্রীৰ স’তে মাৰ-পিট কৰাৰ সময়ত ৰেললাইনত পৰিছিল লোকজন । চিকিৎসকে জনাইছে, দুয়োজনেই আঘাতপ্ৰাপ্ত হ’লেও টোনিয়ে যাক উদ্ধাৰ কৰিছে তেওঁৰ অৱস্থা সংকটজনক ।

Exit mobile version