বাঘমাৰাচৰবাসীৰ নৰক যন্ত্ৰনা, নাই সুচল পথ, তিনি বছৰে দলঙৰ নিৰ্মাণকাৰ্য অসম্পূৰ্ণ

বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীৰ অতি ঘনিষ্ঠ ঠিকাদাৰ আবু তাহেৰৰ মৈমতালিৰ বাবে যাতায়াতত নৰক যন্ত্ৰণা ভোগাৰ অভিযোগ ৩ নং বাঘমাৰাচৰবাসীৰ । গাঁওখনৰ মূল পথত তিনি বছৰে সম্পূৰ্ণ কৰিব পৰা নাই এখন পকী দলঙৰ নিৰ্মাণকাৰ্য । যাৰ বাবে কঁকাল পৰ্যন্ত পানীত পাৰাপাৰ হ’বলগীয়া হৈছে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বস্তৰৰ লোকে ।

ঠিকাদাৰ আবু তাহেৰক বাৰম্বাৰ অনুৰোধ জনোৱা সত্বেও সামান্যতম গুৰুত্বাৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । গুৰুত্ব নাই বৰপেটা লোক নিৰ্মাণ বিভাগৰো ।

অতিকৈ বিপজ্জনক আৰু ভয়ংকৰভাৱে যাতায়াত অব্যাহত ৰাখিছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে । উপায়ন্তৰ হৈ ঠিকাদাৰ আবু তাহেৰ আৰু লোক নিৰ্মাণ বিভাগৰ অমনোযোগিতাৰ বিৰুদ্ধে স্থানীয় লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । দলং নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোকে ৷

Exit mobile version