◼️ তেজপুৰত কনভেনচন চেণ্টাৰ মুকলি ।
◼️ কনভেনচন চেণ্টাৰ মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
◼️ ইয়াৰ পাছতেই অনুষ্ঠিত কেবিনেট বৈঠক ।
◼️ কেবিনেটত কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
◼️ ১১ আৰু ১৩ জুনত উপায়ুক্ত সন্মিলন ।
◼️ জুলাইত অনুষ্ঠিত হ’ব পৰৱৰ্তী বৈঠক ।
◼️ তেজপুৰ কাৰাগাৰ চাৰিদুৱাৰলৈ স্থানান্তৰ কৰা হ’ব ।
◼️ কাৰাগাৰৰ ঠাইত নিৰ্মাণ কৰা হ’ব সাংস্কৃতিক প্ৰকল্প ।
◼️ ৰাজ্যত নিৰ্মাণ হ’ব পাঁচ হেজাৰ কোটি টকাৰ বৃহৎ সৌৰ শক্তি প্ৰকল্প ।
◼️ এহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ’ব ।
◼️ গৰুখুটিৰ কৃষি প্ৰকল্প পৰিচালনা কৰিব স্থায়ী সমিতিয়ে ।
◼️ এজন এচিএছ বিষয়াৰ দ্বাৰা পৰিচালনা কৰা হ’ব গৰুখুটিৰ কৃষি প্ৰকল্প
◼️ বটদ্ৰৱাৰ দ্বিতীয় প্ৰকল্পৰ বাবে ১০৮ কোটি টকাৰ অনুমোদন ।
◼️ মৰাভৰলীৰ খননৰ বাবে ১৫ কোটি টকা অনুমোদন ।
◼️ গ্ৰাম্য উন্নয়ন আঁচনিৰ বাবে ৩৫০ কোটি টকা অনুমোদন ।
◼️ ঘূণাসুতিৰ ওপৰত দলং নিৰ্মাণ ।