Coronavirus in India : পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্রমণ ! দেশত আঠ হেজাৰ অতিক্ৰম কৰিলে আক্রান্তৰ সংখ্যা

istockphoto 1255767686 612x612 1

দেশজুৰি ক’ভিডৰ সংক্রমণ পুনৰ বৃদ্ধি পাইছে । ফলত উদ্বেগৰ সৃষ্টি হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ প্রকাশিত তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত নতুন আক্রান্ত হৈছে আঠ হেজাৰ ৩২৯ জন । বিগত তিনি মাহৰ ভিতৰত যি সর্বোচ্চ ।

দৈনিক সংক্রমণ বাঢ়িলেও, মৃত্যুৰ সংখ্যা শুকুৰবাৰৰ তুলনাত বহু কম । যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ১০ জনৰ । তাত শুকুৰবাৰৰ মৃতৰ সংখ্যা আছিল ২৪ । সক্রিয় ৰোগীৰ সংখ্যা শুকুৰবাৰৰ তুলনাত কিছু বাঢ়িছে । বিগত ২৪ ঘণ্টাত সক্রিয় ৰোগীৰ সংখ্যা চাৰি হেজাৰ ১০৩ । ফলত মুঠ সক্রিয় ৰোগীৰ সংখ্যা ৪০ হেজাৰ অতিক্ৰম কৰিছে ।

দৈনিক সংক্রমণৰ হাৰ বা পজিটিভিটি ৰেটো শুকুৰবাৰৰ তুলনাত কিছু বাঢ়িছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী, শনিবাৰে দৈনিক সংক্রমণৰ হাৰ ২.৪১ শতাংশ ।

দৈনিক সংক্রমণৰ শীর্ষত মহাৰাষ্ট্র । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুন আক্রান্ত তিনি হেজাৰ ৮১ জন । তাৰ ভিতৰত কেৱল মুম্বাইত নতুনকৈ আক্রান্ত এহেজাৰ ৯৫৬ জন । ২৩ জানুৱাৰীৰ পাছত পুনৰ দৈনিক সংক্রমণৰ সংখ্যা প্ৰায় দুহেজাৰ হ’ল মায়ানগৰীত । সংক্রমণ বৃদ্ধি পোৱাৰ বাবে মাস্ক বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে ।

Exit mobile version