Delhi Fire : দিল্লীত হাস্পাতালৰ আইচিইউত অগ্নিকাণ্ড ! মৃত এজন ৰোগী

g6gj6lm delhi hospital fire brahm shakti hospital rohini

দিল্লীত পুনৰ অগ্নিকাণ্ড । ৰোহিণী অঞ্চলত এটা হাস্পাতালৰ আইচিইউ বিভাগত জুই লাগিছে । অগ্নিকাণ্ডৰ ফলত অক্সিজেন ছাপ’র্ট বিঘ্নিত হোৱাত ৬৪ বছৰ বয়সৰ এজন ৰোগীৰ মৃত্যু হৈছে ।

শনিবাৰে পুৱা প্ৰায় পাঁচ বজাত ৰোহিণীৰ ব্রহ্ম শক্তি হাস্পাতালৰ চতুর্থ মহলত জুই লাগে । খবৰ লাভ কৰিয়েই ঘটনাস্থলত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ নটা ইঞ্জিন । কে’বা ঘণ্টাৰ চেষ্টাত জুই নিয়ন্ত্রণত আহে । দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ ডিৰেক্টৰ অতুল গর্গে কয়, ‘‘পুৱাই নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে । অৱশ্যে ভেন্টিলেটৰৰ ছাপ’র্টত থকা এজন ৰোগীৰ মৃত্যুৰ শংকা কৰা হৈছে ।’’

উল্লেখ্য, বিগত মাহত দিল্লীৰ এটা কাৰ্যালয়ত অগ্নিকাণ্ডৰ ঘটনাত ২৭ জনৰ মৃত্যু হয় । আহত হয় কে’বাজনো । মুণ্ডকা মেট্র’ ষ্টেচনৰ কাষত এটা কাৰ্যালয়ত অগ্নি সংযোগ হৈছিল । মৃত আৰু আহতসকলৰ পৰিয়ালৰ বাবে আর্থিক সাহায্য ঘোষণা কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । উক্ত কাৰ্যালয়ত অগ্নিনিৰ্বাপক বাহিনীৰ ন’ অবজেকছন চার্টিফিকেট নাছিল বুলি অভিযোগ উত্থাপিত হয় । পাছত ঘৰৰ মালিকক গ্রেপ্তাৰ কৰা হয় ।

Exit mobile version