Uric Acid : ইউৰিক এচিডৰ বাবে খোজকঢ়াত সমস্যা ?

1603462318 zGbbYD2ZNTWfpBs uric acid

অনিয়ন্ত্রিত জীৱনযাপন আৰু অত্যধিক প্র’টিনযুক্ত খাদ্য গ্ৰহণৰ ফলচ তেজত ইউৰিক এচিডৰ মাত্রা বাঢ়ি যায় । অধিকাংশ চিকিৎসকৰ মতে, যিসকলে নিয়মিত মাছ-মাংস খায়, তেওঁলোকৰ ইউৰিক এচিড বঢ়াৰ শংকা অধিক । অত্যধিক মদ্যপানো ইউৰিক এচিডৰ কাৰণ হ’ব পাৰে ।

ইউৰিক এচিড আঠু আৰু বিভিন্ন অস্থিসন্ধিত জমা হয় । ইয়াৰ ফলত আঠু ফুলি যায় । খোজকঢ়াতো সমস্যা হয় । দীর্ঘ সময় বহি থাকিলে ইউৰিক এচিড বাঢ়ি যায় । এইসমূহ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নিয়মিত শৰীৰচর্চা কৰা প্ৰয়োজনীয় । চিকিৎসকৰ পৰামর্শ দিয়ে যে, প্রতি ৩০ মিনিট বহাল পাছত অন্তত তিনি মিনিটকৈ থিয় হ’ব লাগে । খোজকাঢ়িলে আৰু ভাল ।

ইউৰিক এচিড হ’লে মচুৰ দালি, মটৰ দালি, পাঠাৰ মাংস, সামুদ্রিক মাছ, এলকহল জাতীয় খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিব লাগে । নিয়ম মানি চলাৰ লগতে ইউৰিক এচিড নিয়ন্ত্রণত ৰাখিবলৈ ভৰসা ৰাখক এটা মচলাতো । ৰন্ধনৰ এটা অপৰিহার্য উপাদান হ’ল হালধি । ৰন্ধনৰ স্বাদ বঢ়োৱাৰ লগতে, ইউৰিক এচিড নিয়ন্ত্রণতো কার্যকৰ ।

প্রদাহ হ্ৰাস কৰা উপাদান সমৃদ্ধ হালধিয়ে ইউৰিক এচিড নিয়ন্ত্রণতো সহায় কৰে । ইউৰিক এচিডে যিহেতু আঠুত অধিক প্রভাৱ পেলায়, আঠুৰ বিষ কম কৰিবলৈও হালধিৰ মিশ্রণ লগাব পাৰে । ইউৰিক এচিডৰ সমস্যা থাকিলে নিতৌ পুৱা কেঁচা হালধি খাব লাগে ।

Exit mobile version