Agnipath : ভাৰতৰ নতুন সশস্ত্র বাহিনী ‘অগ্নিপথ’, ঘোষণা কৰিলে চৰকাৰে

o7fekb8o indian army generic pti

ভাৰতীয় সেনাবাহিনীত নতুন সশস্ত্র বাহিনী নিয়োগৰ পৰিকল্পনা কৰিছে কেন্দ্র‌ই । এই নতুন সশস্ত্র বাহিনীৰ নাম দিয়া হ’ব অমিতাভ বচ্চনৰ নব্বৈৰ দশকৰ জনপ্রিয় ছবিৰ নামত — ‘অগ্নিপথ’ । মঙলবাৰে কেন্দ্রৰ তৰফৰ পৰা এই ঘোষণা কৰিছে সেনাবাহিনীৰ প্রধানে ।

কেন্দ্রৰ অগ্নিপথ প্রকল্প সম্পর্কে জনাই প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙেও ক‌য়, ‘‘এই সিদ্ধান্ত ঐতিহাসিক ।’’ দুসপ্তাহ আগতেই এই প্রকল্পৰ কথা প্রধানমন্ত্রীক জনাইছিল তিনি বাহিনীৰ প্রধানে । মঙলবাৰে এই প্রকল্পৰ নাম প্রকাশ্যত আহিল ।

নতুন ‘অগ্নিপথ’ প্রকল্পত সেনা জনোৱানসকলক বাহিনীত নিয়োগ কৰা হ’ব চাৰি বছৰৰ বাবে । চাৰে ১৭ বছৰৰ পৰা ২১ বছৰ বয়সৰ ৪৫ হেজাৰ ভাৰতীয়‌ই এই প্রকল্পৰ অধীনত কামৰ সুযোগ পাব ভাৰতীয় সেনাবাহিনীত ।

সেনাবাহিনীত চাৰি বছৰৰ ম্যাদত ছয় মাহৰ প্রশিক্ষণ পাব এই সেনা জোৱানসকলে । তেওঁলোকক মাহে ৩০ৰ পৰা ৪০ হেজাৰ টকা বেতন আৰু অন্যান্য ভাতা দিয়া হ’ব । সূত্রৰ খবৰ, এই প্রকল্পটো উচ্চস্তৰৰ বিভিন্ন মহলত সমালোচিত হৈছে । আনকি এই প্রকল্প‌ই সেনাবাহিনীৰ দেশভক্তি আৰু জীৱিকাতো প্রভাৱ পেলাব পাৰে বুলিও শংকা কৰিছে অনেকে ।

Exit mobile version