Imran Khan : খাদ্য সংকটৰ সন্মুখীন হ’ব পাৰে পাকিস্তান, কিয় সতর্ক কৰিলে ইমৰানে

2022 4largeimg 195204388

দেশত কৃষকসকলৰ সমস্যা দূৰ নকৰিলে পাকিস্তানে খাদ্য নিৰাপত্তাহীনতাত ভুগিবলগীয়া হ’ব পাৰে । ইছলামাবাদত এটা কৃষক সন্মিলনত এই মন্তব্য কৰিলে পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খানে । এই অনুষ্ঠানত উপস্থিত হৈ তেওঁ কয়, ‘‘আমি সকলোৱে বৃহৎ বিপদৰ সন্মুখীন হ’ব পাৰো । দেশৰ কৃষকৰ অৱস্থাৰ প্ৰতি বিশেষ মনোযোগ নিদিলে পাকিস্তানে ভৱিষ্যতে খাদ্য সমস্যাৰ সন্মুখীন হ’ব পাৰে ।’’

তেওঁ আৰু কয়, ‘‘মানুহে ভয় খাইছে যে ৰাছিয়া-ইউক্রেইন যুদ্ধৰ বাবে গমৰ সৰবৰাহ যিভাৱে প্রভাৱিত হৈছে তাৰ ফলত দুর্ভিক্ষ দেখা দিব পাৰে ।’’

তেওঁ আৰু জনায়, খাদ্য নিৰাপত্তাহীনতা এটা বৃহৎ সমস্যা । অৱশ্যে ইউক্রেইন-ৰাছিয়া যুদ্ধৰ পৰিস্থিতিত এই সমস্যা পাকিস্তানৰ উপৰিও একাধিক দেশত হৈছে । ইউক্রেইন-ৰাছিয়া যুদ্ধৰ ফলত গমৰ সৰবৰাহ আৰু দাম উভয়ৰ উপৰতেই প্রভাৱ পৰিছে ।

ইয়াৰ উপৰি দেশৰ কৃষকসকলৰ কে’বাটাও সমস্যাৰ কথা দাঙি ধৰে ইমৰানে । সম্প্রতি, ইন্ধন আৰু বিদ্যুতৰ দাম বৃদ্ধিৰ ফলত কৃষকসকলৰ উৎপাদনৰ খৰচ বহু পৰিমাণে বাঢ়িছে । কিন্তু সেই তুলনাত কৃষকসকলে লাভৰ মুখ দেখা নাই বুলিও ইমৰান সৰৱ হয় ।

লগতে, পাকিস্তানৰ ক্ষমতাশালী শ্বেহবাজ চৰকাৰক দেশৰ বর্তমান অর্থনৈতিক পৰিস্থিতি লৈও তেওঁ দোষাৰোপ কৰিছে । পাকিস্তানৰ মুদ্রাস্ফীতিৰ বাবেও বর্তমান চৰকাৰকেই দোষাৰোপ কৰিছে ইমৰানে ।

সম্প্রতি ইন্টাৰনেছনেল ফ’ৰাম ফৰ ৰাইটছ এণ্ড ছিকিউৰিটি (আইএফএফআৰএএছ) ৰিপ’র্টত উত্থাপিত হৈছে, পাকিস্তানত কৃষি ব্যৱস্থাত অবিবেচিত পৰিকল্পনা আৰু অব্যৱস্থাপনাই পাকিস্তানক তীব্র খাদ্য সংকটৰ মুখত পেলাইছে । এই প্ৰতিবেদন অনুযায়ী, পাকিস্তানৰ গ্রামীণ অঞ্চলৰ বিশাল সংখ্যক লোকে অনাহাৰে দিন কটাইছে । ইয়াক লৈয়েই সৰৱ পাকিস্তানৰ সদ্য অপসাৰিত প্রধানমন্ত্রী ।

Exit mobile version