Jaswiendre Singh : দিনত ৩৯ হেজাৰ টকা ক্ষতি কৰি ইন্ধন বিক্রী কৰিছে এইজন লোকে !

1655180538 untitled design 13

কোনেও যেন ভোকত শুবলগীয়া নহয় । বিপদত সকলোকে সহায় কৰিব লাগে । এই যুক্তিয়েই বিশ্বাস কৰে শিখ ধর্মাৱলম্বীসকলে । তেওঁকো মাতৃয়ে এই কথাই শিকাইছে বুলি জনাইছে আমেৰিকাৰ ফিনিক্সত গেছ ষ্টেচনৰ মালিক যশবিন্দৰ সিঙে । দিনত প্রায় ৩৯ হেজাৰ টকা ক্ষতি কৰি তেওঁ ইন্ধন বিক্রী কৰি আহিছে । কিন্তু কিয় ?

যশবিন্দৰে কয়, ‘‘এই মুদ্রাস্ফীতিৰ সময়ত মানুহৰ হাতত টকা ক’ত ? সেয়ে মোৰ ভাতৃ, মোৰ ক্রেতাসকলক সহায় কৰিছো ।’’ যশবিন্দৰে ৪৭ শতাংশ ৰেহাইত গেছ চিলিণ্ডাৰ বিক্ৰী কৰিছে । অৱশ্যে ইয়াৰ ফলত তেওঁৰ দৈনিক প্রায় পাঁচশ ডলাৰ ক্ষতি হৈছে । প্রতি গেলন গেছ বিক্রী কৰিছে ৫.১৯ ডলাৰত । এইদৰে প্রতি দিনে ৩,৭৮৫ লিটাৰ গেছ বিক্রী কৰে এই শিখ প্রৌঢ়‌ই ।

মানুহক সহায় কৰিব লাগিব । পুনৰ, নিজৰ আর্থিক ক্ষতিৰ দিশটোও যিমান কম কৰিব পৰা যায় সেইটোও ভাবিব লাগিব । সেয়ে সস্ত্রীক যশবিন্দৰে কামৰ সময় বঢ়াই দিছে । বিগত মার্চত ১০ শতাংশ ৰেহাই দি ইন্ধন বিক্রী কৰিছিল যশবিন্দৰে । এতিয়া ৪৭ শতাংশলৈকে ৰেহাই দিছে । তেওঁ কয়, ‘‘ভগৱানে মোক সহায় কৰিছে যাতে ম‌ই অন্যক সহায় কৰিব পাৰো । এতিয়া লাভ কৰাৰ সময় নহয় ।’’

তেওঁ লগতে কয়, ‘‘এতিয়া সকলোৰে অর্থসংকট চলিছে । মোৰ পিতৃ-মাতৃয়ে শিক্ষা দিছে, নিজৰ অলপ-অচৰপ থাকিলেও তাৰে যেন অন্যক সহায় কৰো । সেইটোৱে কৰিছো ।’’

ইতিমধ্যে যশবিন্দৰৰ কাৰ্য সামাজিক মাধ্যমত ভাইৰেল হৈছে । এতিয়াও মানৱতা জীয়াই আছে ! লিখিছে কোনো কোনো নেটাগৰিকে ।

Exit mobile version