চিৰাঙত বন্যহস্তীৰ ত্ৰাস

চিৰাঙত এটা বন্য হাতীয়ে নিশা মন্দিৰৰ লগতে বহু লোকৰ ঘৰৰ ক্ষতিসাধন কৰে । খাদ্যৰ সন্ধানত হাবিৰ পৰা ওলাই আহি চিৰাঙৰ ৰুনিখাটা বন ৰেঞ্জৰ অন্তৰ্গত দেউশ্ৰিৰ ডম্বৰুতোলা গাঁৱত মন্দিৰ আৰু বহু সাধাৰণ জনতাৰ ঘৰৰ ক্ষতিসাধন কৰে বনৰীয়া হাতীটোৱে ।

খাদ্যৰ সংকট আৰু বনাঞ্চল ধ্বংসৰ বাবে হাবিৰ পৰা ওলাই আহিছিল বনৰীয়া হাতীটো । মানুহৰ ঘৰত মজুত কৰি ৰখা ধানবোৰ হাতীয়ে ধ্বংস কৰি মাজনিশা সন্ত্ৰাসৰ সৃষ্টি কৰে ।

Exit mobile version