শালবাৰীত ৰূপহী নদীৰ তাণ্ডৱ, খহনীয়াৰ কবলত ৰূপহী দলং

WhatsApp Image 2022 06 15 at 7.26.32 PM 1

বাগসাৰ শালবাৰীত ৰূপহী নদীৰ তাণ্ডৱ ৷ ফেনে-ফুটুকাৰে বাঢ়িছে ৰূপহী নৈৰ জলপৃষ্ঠ ৷ ৰূপহী নৈৰ বাঢ়নী পানীৰ তাণ্ডৱৰ বাবে ইতিমধ্যে ৰূপহী দলঙৰ উত্তৰ মূৰৰ পশ্চিম পাৰত প্ৰৱল গৰাখহনীয়াৰ সৃষ্টি হৈছে ৷ যাৰ ফলত মুখ্য গড়কাপ্তানি পথটোৰ অৱস্থা অতিকৈ শোচনীয় তথা ভয়াৱহ হৈ পৰিছে ৷

বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ থকাৰ ফলত ৰূপহী নদীৰ পানী বাঢ়ি বৃহত্তৰ ৰূপহী অঞ্চলৰ খেতি-পথাৰৰ লগতে খেতিয়কৰ নতুনকৈ ৰোৱা শালি ধান, কঠিয়া আদি পানীৰ তলত ডুব গৈছে ৷ অতি কম সময়ৰ ভিতৰতে ৰূপহী নদীৰ পানী পাৰ ভাগি বিভিন্ন অঞ্চল প্লাৱিত কৰাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে ৷

স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনক ক্ষতিগ্ৰস্ত খেতিয়কসকলৰ ক্ষয়ক্ষতি নিৰূপণ কৰি সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ৷ ইফালে, ৰূপহী নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবেই শালবাৰীৰ সমীপৱৰ্ত্তী তথা বজালীৰ অন্তৰ্গত পানপাৰা, চেংলীমাৰী আদিত বাঢ়নী পানীৰ সৃষ্টি হোৱাত ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে ৷

Exit mobile version