Pakistan : চাহ খোৱা কমাওক ! অর্থনীতি সৱল কৰিবলৈ দেশবাসীক অদ্ভুত দাবী পাকিস্তানৰ মন্ত্রীৰ

1655277225 pakistan tea

দয়া কৰি কমকৈ চাহ পান কৰক ! পাকিস্তানৰ জনগণক অনুৰোধ কৰিলে পাকিস্তানৰ মন্ত্রী এহেছান ইকবালে । কমকৈ চাহ খালে দেশৰ আমদানিৰ ব্যয় কিছু কমিব বুলি দাবী কৰিলে সেই দেশৰ মন্ত্রীসভাৰ এই প্রবীণ মন্ত্রীয়ে । পাকিস্তান বিশ্বৰ বৃহত্তম চাহ আমদানিকাৰক । ২০২১ত বিদেশৰ বজাৰৰ পৰা মুঠ ৪৬৮৩ হেজাৰ ৬৩ লাখ কোটি টকা মূল্যৰ চাহ আমদানি কৰিছিল ।

পাকিস্তানৰ সংবাদ মাধ্যমত এহেছানে দেশবাসীক উদ্দেশ্যি জনাইছে, ‘‘ম‌ই দেশবাসীক চাহৰ ব্যৱহাৰ এক-দুই কাপ কমাবৰ বাবে আবেদন কৰিছো । ইয়াৰ কাণ আমি ঋণ কৰি চাহ আমদানি কৰো ।’’ দেশখনৰ অর্থনৈতিক পৰিস্থিতি শোচনীয় হোৱা বাবে অর্থনীতিবিসকলে উদ্বেগ প্রকাশ কৰিছে । দেশত এনে পৰিস্থিতি সৃষ্টি হোৱাৰ বাবে প্রাক্তন ইমৰান চৰকাৰ আৰু বর্তমান শ্বেহবাজ চৰকাৰে ইটোৱে সিটোক দোষাৰোপ কৰাত ব্যস্ত ।

তেওঁ আৰু জনায়, পাকিস্তানেৰ হাতত যে পৰিমাণে বৈদেশিক মুদ্রা আছে, তাৰে আৰু মাত্র দুমাহ আমদানি কৰা সম্ভৱ । তাৰ পাছত বৈদেশিক মুদ্রাৰ ভাণ্ডাৰ শেষ হ’ব ।

অৱশ্যে চাহ খোৱা কমাই অর্থনৈতিক সমস্যাৰ সমাধান কৰা সম্ভৱ নহয় বুলি ধাৰণা কৰিছে অর্থনীতিবিদসকলৰ একাংশ‌ই । সামাজিক মাধ্যমত এহছানৰ এই মন্তব্য ইতিমধ্যে ভাইৰেল হৈছে ।

Exit mobile version