Viral : মাত্র তিনিটি শব্দ, এইটোৱে বিশ্বৰ ক্ষুদ্রতম পদত্যাগপত্র নেকি ?

1655282968 resignation 1

এক কথাত উত্তৰ দিয়া বেচ জনপ্রিয় । এইবাৰ টুইটাৰত পোৱা গ’ল তিনি শব্দৰ পদত্যাগপত্ৰ ।

সম্বোধন আৰু বিদায় সম্ভাষণ মাত্ৰ তিনিটা শব্দ । সেই তিনিটা শব্দই চাকৰিত পদত্যাগ দিয়াৰ যাৱতীয় বক্তব্য আৰম্ভ আৰু শেষো ! এয়া দেখি নেটিজেনসকল হতভম্বতো হৈছেই, লগতে কম কথাৰে সসন্মানে বছক বিদায় জনোৱাল উপায় বিচাৰি পাই আপ্লুত‌ও হৈছে ।

পদত্যাগ পত্ৰৰ ছবি শ্বেয়াৰ কৰিছিল এজন টুইটাৰ ব্যবহাৰকাৰীয়ে । কি লিখা আছে তাত ?

ঊর্ধ্বতন কৰ্তৃপক্ষক ‘ডেয়াৰ ছাৰ’ বলি সম্বোধন কৰাৰ পাছত, পত্ৰৰ বিষয়ৰ তলত কেৱল লিখা আছিল ‘বাই বাই ছাৰ’ । তাৰ পাছতেই বিদায় সম্ভাষণ আৰু স্বাক্ষৰ ।

কর্মক্ষেত্রৰ ভাল বা বেৱা অভিজ্ঞতাৰ ব্যাখ্যা নাই । চাকৰি এৰাৰ কাৰণ নাই । নাই কৃতজ্ঞতা জনোৱাৰ সৌজন্যতাও । ‘সৰু আৰু মিঠা’— ছবিখন টুইটাৰত দি বিৱৰণত লিখিছে কাবেৰী নামৰ এগৰাকী ব্যৱহাৰকাৰীয়ে ।

সেই ছবি সামাজিক মাধ্যমত দিয়াৰ লগে লগে ভাইৰেল হৈ পৰে । অনেকেই এই ধৰণৰ সৰু পদত্যাগপত্র পোৱা আৰু দিয়াৰ অভিজ্ঞতাও শ্বেয়াৰ কৰিছে । অৱশ্যে দেখা গৈছে, তেওঁলোকৰ কোনোটোৱেই এই পদত্যাগপত্রৰ দৈর্ঘ্যতাক পিছ পেলাব পৰা নাই ।

অনেকেই প্রশ্ন কৰিছে, এইটোৱে বিশ্বৰ ক্ষুদ্রতম পদত্যাগপত্র নেকি !

https://twitter.com/SaifulBariAMU/status/1536593712720977920?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1536593712720977920%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fviral%2Fshort-and-crisp-resignation-letter-goes-viral-dgtl%2Fcid%2F1350646

এক টুইটাৰ ব্যৱহাৰকাৰীয়ে ইয়াৰ উত্তৰত জনাইছে, ‘নহয় ! আৰু সৰু হ’ল হয় । দুটা বাই নিলিখি এটা লিখিলে বুজিব পাৰিলে হয় বিষয়টো । সেই ক্ষেত্রত আৰু সৰু হ’ল হয় পদত্যাগ পত্ৰখন ।’

Exit mobile version