বৰপেটাৰোড-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথ সম্পূৰ্ণভাৱে বিচ্ছিন্ন

WhatsApp Image 2022 06 16 at 6.45.20 PM

মুষলধাৰ বৰষুণৰ ফলত মানাহ সমীপৱৰ্তী ফাতেমাবাদ চাহ বাগিছাৰ পৰা নিৰ্গত হোৱা অতিৰিক্ত জলস্ৰোতে সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন কৰিছে বৰপেটাৰোড আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী গড়কাপ্তানী পথটো ।

উল্লেখ্য, যোৱা চাৰিদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ফাতেমাবাদ চাহ বাগিছাৰ পৰা নিৰ্গত অতিৰিক্ত জলস্ৰোতৰ প্ৰৱল চাপৰ ফলত বাগসা জিলাৰ শালবাৰীৰ কুঠৰীঝাৰ অংশত গড়কাপ্তানি পথছোৱাৰ পূৱ দিশত প্ৰৱল খহনীয়াৰ সৃষ্টি হয় ।বৰষুণৰ পানীৰ প্ৰৱল সোঁতে পথছোৱাৰ উক্ত অংশত স্থাপিত কে’বাটাও ‘হিউম পাইপ’ খহাই পেলোৱাত পৰিস্থিতি জটিল হৈ পৰে ।

আনহাতে এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী পহৰা আৰক্ষী চকীৰ বিষয়া জয়ন্ত দাসে কালিয়েই উক্ত পথেৰে যান-বাহনৰ চলাচল নিষিদ্ধ কৰি স্থানীয় ৰাইজৰ সহায়ত খহনীয়াৰ সৃষ্টি হোৱা অংশত এক বেৰিকেড স্থাপন কৰিছিল । কিন্তু ভয়াৱহভাৱে বিপদসংকুল অৱস্থাত থকা পথছোৱা আজি ৰাতিপুৱাৰ ভাগত সম্পূৰ্ণৰূপে ভাঙি যোৱাত বৰপেটাৰোড চহৰ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী ‌পথছোৱা আজি সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ পৰে ।

বাতৰি লিখাৰ পৰলৈ পথছোৱাৰ আনটো দিশেৰে বৈ থকা বেঁকী নদীৰ পানী বৰ্তমানলৈকে বিপদসীমাৰ তলেৰে বৈ থকা পৰিলক্ষিত হৈছে । আনহাতে, স্থানীয় ৰাইজে এই ঘটনাৰ বাবে ফাতেমাবাদ চাহ বাগিছা কৰ্তৃপক্ষৰ উদাসীনতাক জগৰীয়া কৰিছে । বাগিছা কৰ্তৃপক্ষই বিশেষকৈ বাৰিষা কালত বাগিছাখনৰ পৰা ওলাই যোৱা পানীৰ প্ৰবল চাপ হ্ৰাস কৰাৰ উদ্দেশ্যে আহল-বহল নলা নিৰ্মাণ কৰি পথছোৱাৰ উক্ত অংশক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও বাগিছা কৰ্তৃপক্ষই এতিয়ালৈকে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰাত এনে অৱস্থাৰ সৃষ্টি হোৱাৰ অভিযোগ কৰিছে ক্ষুব্ধ ৰাইজে ।

আনহাতে, এনে ঘটনাৰ পাছতো বৰপেটা আৰু বাগসা জিলা প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাক একমুখে গৰিহণা দিছে স্থানীয় ৰাইজে । অনতিপলমে উক্ত পথছোৱাৰে যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

উল্লেখ্য,পথছোৱাৰ আনটো দিশেৰে বেঁকী নদী এতিয়াও বিপদসীমাৰ তলেৰে বৈ থকা পৰিলক্ষিত হৈছে । আনহাতে ফাতেমাবাদ চাহ বাগিছাৰ পৰা প্ৰৱল বেগেৰে নিৰ্গত জলস্ৰোতে কাষৰীয়া পল্লা নদীত পৰি কাষৰীয়া অঞ্চলসমূহত একপ্ৰকাৰ জলপ্লাৱনৰ সৃষ্টি ‌কৰিছে । পল্লা নদীত সৃষ্টি হোৱা কৃত্ৰিম বানে ইতিমধ্যে শুকমানাহ-কুজাৰপীঠ সংযোগী পথছোৱাৰ লগতে কাষৰীয়া বিস্তৃত অঞ্চল কে’বাফুট দলৈকে জলমগ্ন কৰাৰ বাতৰি পোৱা গৈছে । পল্লা নদীত সৃষ্টি হোৱা কৃত্ৰিম বানে ইতিমধ্যে শুকমানাহ অঞ্চলৰ পোৰাভঁৰাল গাঁৱৰ মাজেৰে যোৱা গোহাঁই কমল আলিৰ এটা অংশ ছিঙি পেলোৱাৰ বাতৰিও পোৱা গৈছে ।

Exit mobile version