Rheumatoid arthritis : আর্থৰাইটিছৰ বিষৰ বাবে বিকল হ’ব পাৰে হৃদ্‌যন্ত্র ! কি কি লক্ষণ থাকিলে সতর্ক হ’ব লাগিব 

1655388824 new project 2022 06 16t193945 310

আর্থৰাইটিছ বা বাত অস্থিসন্ধিৰ এক গুৰুতৰ সমস্যা । এই ৰোগত শৰীৰৰ বিভিন্ন অস্থিসন্ধিত তীব্র যন্ত্রণা হয়, ফুলি উঠা আৰু জড়তাৰ দৰে সমস্যাও দেখা দিয়ে । অনেকেই ভাবে বয়স বাঢ়িলে এই সমস্যাই দেখা দিয়ে । কিন্তু যিকোনো বয়সতেই শৰীৰত দেখা দিব পাৰে এই ৰোগ । অৱশ্যে আর্থৰাইটিছ মানেই কেৱল শৰীৰত বিভিন্ন অংগত যন্ত্রণা নহয় । ৰিউমাটয়েড আর্থৰাইটিছৰ ফলত হাৰত বিষৰ লগতে আৰু বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা হ’ব পাৰে ।

ৰিউমাটয়েড আর্থৰাইটিছে ৰোগীৰ ৰোগ প্রতিৰোধ ক্ষমতা কমাই দিয়ে । শৰীৰত এই ৰোগে দেখা দিলে প্রাথমিক পর্যায়ত হাৰত প্রদাহ আৰু বিষ বাঢ়ে । হাত, মণিবন্ধ, ভৰিত যন্ত্রণা হয় । অৱশ্যে ৰোগৰ প্রকোপ বাঢ়িলে চকু, ছাল, হাওঁফাওঁ, হৃদ্‌যন্ত্র, স্নায়ুতন্ত্র, কিড্‌নি আৰু ৰক্তনলীত সমস্যা দেখা যায় । এই অসুখ এদিনতে কমাই দিব নোৱাৰি । কিন্তু শীঘ্ৰে ধৰা পৰিলে কিছু নিয়ন্ত্রণ কৰিব পাৰি সমস্যা । এই ৰোগৰ উপসর্গবোৰ জানেনে ?

১) অতিৰিক্ত ক্লান্তি মানেই টোপনি কম হৈছে এনে নহয় । এই লক্ষণে বিভিন্ন অসুখৰো ইংগিত দিয়ে । তাৰ ভিতৰত আছে ৰিউমাটয়েড আর্থৰাইটিছো ।

২) গা-হাত-ভৰি বিষ, জ্বৰ, খাবলৈ মন নোযোৱা মানেই কৰ’নাৰ লক্ষণ নহয় । মাজে মাজে অকাৰণে জ্বৰ হ’লে, বা ভিতৰত জ্বৰ-জ্বৰ ভাব থাকিলে সতর্ক থাকক । ৰিউমাটয়েড আর্থৰাইটিছৰ বাবেও জ্বৰ হ’ব পাৰে ।

৩) হাত-ভৰি অৱশ হৈ যোৱা এই ৰোগৰ অন্যতম লক্ষণ । হাত আৰু ভৰিৰ জোৰো কমি যাব পাৰে ইয়াৰ ফলত ।

৪) হাত-ভৰি বিষ হৈ থাকে ? ৰিউমাটয়েড আর্থৰাইটিছ মানেই যে প্রচণ্ড বিষ হ’ব, এনে নহয় । বহু সময়ত এই অসুখৰ আৰম্ভণিত কম বিষ হয় । ফলত আৰম্ভণিতেই সচেতন হোৱা জৰুৰী ।

৫) চকু ৰঙা হৈ যোৱা মানেই ভাইৰাছৰ বা বেক্টেৰিয়াৰ সংক্রমণ হৈছে, এনে নহয় । ৰিউমাটয়েড আর্থৰাইটিছো হ’ব পাৰে ।

Exit mobile version