Sonia Gandhi : ক’ভিডোত্তৰ জটিলতাত ভুগিছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী 

1652117547 sonia gandhi

কৰ’নাত সংক্রমিত হৈ হাস্পাতালত চিকিৎসাধীন কংগ্রেছৰ সভানেত্ৰী ছোনিয়া গান্ধী । বর্তমান ক’ভিড পৰৱর্তী শাৰীৰিক অসুস্থতাত ভুগিছে কংগ্রেছ সভানেত্রীগৰাকী । তেওঁৰ নাকেৰে ৰক্তপাত হৈছে । লগতে শ্বাসযন্ত্রত ভাইৰাছৰ সংক্রমণো হৈছে বলি জানিব পৰা গৈছে ।

এক বিবৃতিত এআইচিচিৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে জনায়, ‘যোৱা ১২ জুনত কংগ্রেছ সভানেত্ৰীগৰাকীক গংগাৰাম হাস্পাতালত ভর্তি কৰোৱা হয় । ক’ভিড সংক্রমণৰ ফলত তেওঁৰ নাকেৰে প্রচুৰ ৰক্তপাত হয় । লগে লগে তেওঁৰ চিকিৎসা আৰম্ভ হয় । তেওঁৰ শ্বাসযন্ত্রৰ নিম্নাংশত ভাইৰাছ সংক্রমণ হৈছে । চোকা পর্যবেক্ষণত ৰখা হৈছে তেওঁক ।”

চলিত মাহৰ আঠ তাৰিখে কংগ্রেছ সভানেত্রীক নেছনেল হেৰাল্ড গোচৰত তলব কৰে ইডি-য়ে । ক’ভিড সংক্রমণৰ বাবে ইডি দপ্তৰত হাজিৰ হ’ব নোৱাৰে ছোনিয়া । নতুনকৈ অহা ২৩ জুনত ৰাজীৱ-পত্নীক পুনৰ তলব কৰিছে কেন্দ্রীয় তদন্তকাৰী সংস্থাই । আনহাতে, ইতিমধ্যে তিনি দিন ধৰি ইডি দপ্তৰত এই গোচৰত হাজিৰ হৈছে ৰাহুল ।

Exit mobile version