Insurance Premium : সাধাৰণ বিমা আৰু স্বাস্থ্যবিমাত প্রিমিয়াম বাঢ়িছে ২৪ শতাংশ, চৰকাৰী তথ্য‌ত প্ৰকাশ

hd824m9o money generic rupees

সাধাৰণ বিমা ক্ষেত্রত বেচৰকাৰীকৰণৰ পথ প্রশস্ত কৰিবলৈ বিগত বৰ্ষত বৰ্ষাকালীন অধিবেশনত ধ্বনি ভোটত বিল পাছ কৰিছিল নৰেন্দ্র মোদী চৰকাৰে । তথ্য অনুসৰি তাৰ পাছৰ পৰাই সাধাৰণ বিমা (জীৱনবিমাৰ বাহিৰে অন্যান্য বিমা ক্ষেত্র আৰু স্বাস্থ্যবিমা) সেৱাৰ ব্যয় ঊর্ধ্বমুখী হৈছে ।

বিমা নিয়ন্ত্রক সংস্থা আইআৰডিএআই-ৰ তৰফৰ পৰা জনোৱা হৈছে জীৱনবিমাৰ বাহিৰে অন্যান্য বিমা ক্ষেত্রত ব্যয় প্রায় ২৪ শতাংশ বাঢ়িছে । চলিত বছৰৰ মে’ৰ পৰিসংখ্যা অনুযায়ী, বর্ধিত প্রিমিয়ামৰ বাবে বিমা সংস্থাবোৰৰ সংগ্রহৰ পৰিমাণ হৈছে ১৫,৪০৪ কোটি টকাৰো অধিক । ২০২১ৰ মে’ত প্রিমিয়ামৰ বাবদ সংগ্রহৰ অংক আছিল প্রায় ১২,৪২৪ কোটি টকা ।

আইআৰডিএআই-ৰ প্ৰতিবেদন অনুযায়ী, ২৫টা সাধাৰণ বিমা সং‌স্থাই চলিত বছৰৰ মে’ত প্রায় ১৩,৫৬৬ কোটি টকা প্রিমিয়াম সংগ্রহ কৰিছে । বিগত মে’ত যি আছিল ১০,৯৫৪ কোটি টকা । আনহাতে, চলিত মে’ত পাঁচটা বেচৰকাৰী স্বাস্থ্যবিমা সংস্থা সংগৃহীত প্রিমিয়াম প্রায় ১,৭০৯ কোটি টকা ।

যোৱা মে’ত যি আছিল ১,৩৮২ কোটি । দুটা ৰাাষ্ট্রায়ত্ত বিমা সংস্থাই চলিত বছৰত মে’ত ১২৯ কোটি টকাৰো অধিক প্রিমিয়াম পাইছে । বিগত মে’ত যি আছিল ৮৭ কোটি ।

Exit mobile version