Jammu and Kashmir : ঘৰত ছুটি কটাবলৈ আহি সন্ত্ৰাসবাদীৰ গুলীত নিহত জম্মু আৰু কাশ্মীৰৰ আৰক্ষী বিষয়া

5e8g96o jammu and kashmir police

কিছু দিনৰ ছুটি লৈ গাঁৱৰ ঘৰত গৈছিল জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ ছাব-ইনস্পেক্টৰ ফাৰুক আহমেদ মিৰ । শুকুৰবাৰে নিশা ঘৰৰ কাষৰ কৃষি ভূমিৰ পৰা উদ্ধাৰ হ’ল তেওঁৰ গুলীবিদ্ধ দেহ ।

পুলৱামা জিলাৰ পম্প’ৰৰ এই ঘটনাক ‘সন্ত্ৰাসবাদী আক্ৰমণ’ বুলি জনাইছে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে । প্রাথমিক তদন্তত জানিব পৰা গৈছে, শুকুৰবাৰে সন্ধিয়া ফাৰুকে তেওঁৰ চাম্বোৰা গাঁৱৰ ঘৰৰ কাষত কৱষি ভূমিত কাম কৰিছিল । সেই সময়ত সন্ত্ৰাসবাদীয়ে তেওঁক গুলী কৰি হত্যা কৰে ।

জম্মু আৰু কাশ্মীৰৰ ‘ইণ্ডিয়ান ৰিজার্ভ আৰক্ষী’ (আইআৰপি) বেটেলিয়নৰ ছাব-ইনস্পেক্টৰ ফাৰুকক পূৰ্বেও হত্যাৰ ভাবুকি দিয়া হৈছিল বুলিও স্থানীয় সূত্রে খবৰ । কাশ্মীৰত সম্প্রতি কে’বাজনো আৰক্ষী সেনাকর্মীক হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে । উপত্যকাৰ যুৱকসকলক সেনা আৰু আৰক্ষীত যোগদানৰ প্ৰৱণতা ৰোধ কৰিবৰ বাবে এই উদ্দেশ্য বুলি সন্দেহ কৰা হৈছে । মে’ত শ্রীনগৰৰ আলি জান ৰোড অঞ্চলত জম্মু-কাশ্মীৰ আৰক্ষীৰ কনষ্টেবল গুলাম হাছান দাৰক গুলী কৰি হত্যা কৰা হৈছিল ।

Exit mobile version