Jammu and Kashmir : বিদ্যালয় চলাইছে সন্ত্ৰাসবাদী সমৰ্থিত ট্রাষ্টে, ৩০০ বিদ্যালয় বন্ধ কাশ্মীৰত ? অনিশ্চয়তাত শিক্ষাৰ্থী

1655520546 kashmir

অনিশ্চয়তাত দিন কটাইছে জম্মু আৰু কাশ্মীৰৰ তিনিশটা বেচৰকাৰী বিদ্যালয়ত অধ্যয়নৰত সহস্ৰাধিক শিক্ষাৰ্থীয়ে । আগন্তুক ১৫ দিনৰ ভিতৰত এই বিদ্যালয়সমূহ বন্ধ কৰাৰ নির্দেশ দিছে প্রশাসনে । ষ্টেট ইনভেষ্টিগেটিভ এজেন্সি (এছআইএ)-ৰ বিশেষ তদন্ত চলাকালীন তথ্য প্ৰকাশ্যত আহে যে, এই বিদ্যালয়সমূহৰ ট্রাষ্টৰ পুঁজি সন্ত্ৰাসবাদী সংগঠনৰ পৰা আহে ৷

সূত্রৰ খবৰ অনুযায়ী, কেৱল মাত্র বদগাম জিলাতেই ২০ খন বিদ্যালয় বন্ধ হোৱাৰ সম্ভাৱনা আছে । তালিকাত থকা এই বিদ্যালয়সমূহৰ স’তে ফালাহ-ই-আম ট্রাষ্ট জড়িত হৈ আছিল । এই ফালাহ-ই-আম ট্রাষ্ট সন্ত্ৰাসবাদী সংগঠনৰ বিনিয়োগতে চলিছিল বুলি তদন্তকাৰীৰ মত ।

যদিও তালিকাত থকা অধিকাংশ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ দাবী, বহু আগতেই এই ট্রাষ্টৰ স’তে বিদ্যালয়ৰ সম্পর্ক বিচ্ছিন্ন হৈছে । প্রশাসনৰ এই সিদ্ধান্তৰ ফলত বিদ্যালয়ত অধ্যয়নৰত বহু শিক্ষাৰ্থীৰ পঢ়া-শোনাৰ ভাগ্য এক প্রকাৰ অনিশ্চিত হৈ যাব । তেওঁলোকে পুনৰ কোনোবা দিনাখন বিদ্যালয়ত যাব পাৰিব নে নাই, তাক লৈও অনিশ্চয়তা সৃষ্টি হৈছে শিক্ষাৰ্থীসকলৰ একাংশৰ মাজত ।

স্থানীয় সূত্রৰ খবৰ, এই বিদ্যালয়সমূহত এনে বহু ছাত্র-ছাত্ৰী আছে যিসকলে নিম্নবিত্ত পৰিয়ালৰ পৰা আহি বিদ্যালয়ৰ হোষ্টেলত থাকি পঢ়া-শোনা কৰে । অনেকৰ পঢ়া-শোনাৰ খৰচ চলে বৃত্তিৰ টকাত । সেয়ে তেওঁলোকৰ ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাৰ সপোন আধৰুৱা হৈ ৰ’ব পাৰে বুলিও উদ্বেগত দিন কটাইছে এই শিক্ষাৰ্থীসকলে ।

অৱশ্যে প্রশাসনৰ তৰফৰ পৰা এই শিক্ষাৰ্থীসকলক আশ্বস্ত কৰা হৈছে যে, বিদ্যালয় বন্ধ হ’লেও কেন্দ্রশাসিত অঞ্চলৰ বিভিন্ন চৰকাৰী বিদ্যালয়সমূহত তেওঁলোকক পুনৰ ভর্তি কৰোৱা হ’ব ।

Exit mobile version