বানত ডুবি নষ্ট হ’ল ৪৫ বিঘা মৰাপাট খেতি

মূৰে-কপালে হাত দিছে হৃষিকেশ তালুকদাৰে

IMG20220619145055

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকোৰ বিভিন্ন অঞ্চলত অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি । জলজলী নদীৰ জলস্তৰ ব্যাপকভাৱে বৃদ্ধি পোৱাত বকো সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে । বকোৰ বিভিন্ন অঞ্চলত শতাধিক লোক আক্ৰান্ত হৈছে ভয়াৱহ বানত । বানত অধিক ক্ষতিগ্ৰস্ত হৈছে বকো সমষ্টিৰ বিভিন্ন অঞ্চলৰ কৃষকসকল ।

বকোৰ বিস্তীৰ্ণ কৃষিভূমি বানত ডুবি নষ্ট হোৱা পৰিলক্ষিত হৈছে । সমষ্টিৰ অন্যান্য প্ৰান্তৰ লগতে নগৰবেৰাৰ পিজুপাৰা গাঁৱৰ হৃষিকেশ তালুকদাৰে কৰা প্ৰায় ৪৫ বিঘা মৰাপাট আৰু ধৈনচা খেতি সম্পূৰ্ণৰূপে বানত ডুব যোৱাত মূৰে-কপালে হাত দিছে উচ্চ শিক্ষিত নিবনুৱা যুৱকজনে । ইতিমধ্যে যুৱকজনৰ নষ্ট হোৱা কৃষি ভূমিত কৃষি বিভাগৰ গ্ৰাম সেৱকৰ লগতে স্থানীয় গাঁওবুঢ়া উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষতিপূৰণ প্ৰদানৰ আশ্বাস প্ৰদান কৰে ।

উল্লেখ্য যে, শিক্ষিত যুৱকজনে প্ৰায় ৫০ বিঘা মাটি লিজত লৈ ইয়াৰে ৩৫ বিঘা মাটিত মৰাপাট আৰু ১০ বিঘা মাটিত ধৈনচা খেতি কৰিছিল যদিও বৃহৎ ভূমিত কৰা মৰাপাট আৰু ধৈনচা খেতি নষ্ট হোৱা পৰিলক্ষিত হৈছে । যুৱকজনে জনোৱা মতে, প্ৰায় ডেৰ লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হৈছে । যি সময়ত চাকৰি বিচাৰি দৌৰি ফুৰা ৰাজ্যৰ লক্ষাধিক যুৱক-যুৱতীয়ে ধন আৰু সময়ৰ অপচয় কৰিছে সেই সময়তে কৃষি কৰ্মৰে আত্মনিৰ্ভৰশীল হ’ব বিচৰা যুৱকজনৰ সপোন চুৰমাৰ কৰিলে বলিয়া বানে ।

অঞ্চলটোৰ কৃষক সকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনাইছে ভুক্তভোগী কৃষকে ।

Exit mobile version