Cholesterol Symptoms in Eyes : কলেষ্টেৰলৰ মাত্রা বাঢ়িছে নেকি ? চকু দেখি বুজিব পাৰিব

1655561482 new project 2022 06 18t193940 890

অতিৰিক্ত কলেষ্টেৰল শৰীৰৰ বাবে ভাল নহয় । এইটো এনে এবিধ উপাদান, যি ৰক্তনলিকাত জমা হৈ শৰীৰৰ বিভিন্ন অংগত ৰক্ত সঞ্চালনত বাধা সৃষ্টি কৰিব পাৰে । বিশেষকৈ হৃদ্‌ৰোগ আৰু ষ্ট্ৰ’কৰ শংকা বহু পৰিমাণে বৃদ্ধি কৰে অতিৰিক্ত কলেষ্টেৰলে । সেয়ে সাৱধান হ’ব লাগিব সময় থাকোতেই ।

কলেষ্টেৰল বঢ়াৰ উপসর্গবোৰ সাধাৰণ মানুহৰ পক্ষে বুজা বেচ কঠিন । সেয়ে তেজৰ কলেষ্টেৰলৰ মাত্রা নিয়মিত পৰীক্ষা কৰা প্ৰয়োজন । তেজ পৰীক্ষাৰ উপৰিও কিছু শাৰীৰিক উপসর্গ‌ শৰীৰত কলেষ্টেৰলৰ মাত্রা বাঢ়ি যোৱাৰ সংকেত হ’ব পাৰে । তেনেকুৱাই এটা সংকেত হ’ল, চকুৰ ৰেটিনা আৰু কর্নিয়াৰ কিছু অস্বাভাৱিক পৰিৱর্তন ।

আধুনিক গৱেষণা অনুযায়ী, চকুৰ এই দুই অংশৰ বিশেষ কিছু পৰিৱর্তনে কিছু হ’লেও ইংগিত দিব পাৰে উচ্চ কলেষ্টেৰলৰ মাত্রাৰ । এই পৰিৱৰ্তনবোৰ কি ? বিশেষজ্ঞসকলৰ মতে, বহু সময়ত মানুহৰ কর্নিয়াৰ চাৰিওপাশে এটা বগা ৰঙৰ বলয় দেখা যায় । ইয়াক বিজ্ঞানৰ ভাষাত অৰকাছ কোৱা হয় । সাধাৰণতে, বয়স বাঢ়িলে এইটো গঠন হয় । কিন্তু বহু সময়ত উচ্চ কলেষ্টেৰলৰ সমস্যাত ভোগা ৰোগীৰ ক্ষেত্রতো এই বলয় গঠন হ’ব পাৰে । লগতে, ৰঙতো কিছু পৰিৱৰ্তন আহিব পাৰে । সেয়ে এই ধৰণৰ সমস্যা দেখা দিলে শীঘ্ৰে চিকিৎসকৰ পৰামর্শ লোৱা প্ৰয়োজন ।

Exit mobile version