Agnipath : অগ্নিপথ সন্দৰ্ভত গোচৰ, উচ্চতম ন্যায়ালয়ত কেভিয়েট দাখিল কৰিলে মোদী চৰকাৰে

Supreme Court of India

অগ্নিপথ প্রকল্পক লৈ বিৰোধিতাৰ পৰিস্থিতিত এইবাৰ উচ্চতম ন্যায়ালয়ত গ’ল কেন্দ্রীয় চৰকাৰ । দেশৰ শীর্ষ আদালতত কেন্দ্রৰ তৰফৰ পৰা কেভিয়েট দাখিল কৰা হ’ল । চুক্তিভিত্তিক সেনা নিয়োগৰ এই প্রকল্পক প্ৰত্যাহ্বান জনাই আদালতত আবেদন জনোৱা হৈছে । সেই আবেদনৰ ভিত্তিত কোনো সিদ্ধান্তত উপনীত হোৱাৰ আগতে কেন্দ্রৰ বক্তব্য শোনা হ‌ওক । মোদী চৰকাৰৰ তৰফৰ পৰা এই আবেদন জনোৱা হৈছে উচ্চ আদালতত ।

অগ্নিপথ প্রকল্প যাতে পুনর্বিবেচনা কৰা হয়, সেই বিষয়ত সোমবাৰে উচ্চ আদালতত পিটিছন দাখিল কৰিছে অধিবক্তা হর্ষ অজয় সিঙে । আবেদনত এয়াও উল্লেখ হৈছে যে, এই প্রকল্প ঘোষণা কৰাত দেশৰ বিভিন্ন প্রান্তত প্রতিবাদ প্রদর্শিত হৈছে । ইয়াৰ পূৰ্বে শীৰ্ষ ন্যায়ালয়ত আৰু দুটা গোচৰ দাখিল কৰা হয় । প্রকল্পৰ বিৰুদ্ধে এই দুই গোচৰ দাখিল কৰে অধিবক্তা এমএল শর্মা আৰু বিশাল তিৱাৰিয়ে । অগ্নিপথক লৈ দেশজুৰি যি হিংসাত্মক প্রতিবাদ হৈছে আৰু তাৰ ফলত চৰকাৰী সম্পত্তিৰ কিমান ক্ষতি হৈছে সেয়া পৰ্যবেক্ষণ কৰিবলৈ বিশেষ তদন্তকাৰী দল (ছিট) গঠন কৰাৰ আবেদন জনোৱা হৈছে । লগতে, এই প্রকল্প পৰ্যবেক্ষণ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশৰ নেতৃত্বত এটা বিশেষজ্ঞ দল গঠন কৰাৰ আবেদন কৰা হৈছে ।

বিগত কিছু দিন ধৰি মোদী চৰকাৰৰ এই প্রকল্পৰ বিৰোধিতাত বিহাৰসহ একাধিক ৰাজ্যত বিক্ষোভৰ জুই জ্বলিছে । বিধি শিথিলসহ একাধিক সুযোগ-সুবিধাৰ কথা জনালেও তাত ক্ষোভ প্রশমিত যে হোৱা নাই, সেয়া বিক্ষোভতেই স্পষ্ট । এনে পৰিস্থিতিত অগ্নিপথ প্রকল্প উত্থাপিত হ’ল আদালতত ।

Exit mobile version