Kabul Gurdwara Blast : কাবুলত দূতাবাস মুকলি স্থগিত

3290621 728604366

এতিয়াও আফগানিস্তানৰ তালিবান চৰকাৰক স্বীকৃতি দিয়াৰ বিষয়ত প্রশ্নৰ অন্ত পৰা নাই । কিন্তু নানা দিশ বিবেচনা কৰি অতি শীঘ্ৰে তাত ভাৰতীয় দূতাবাস পুনৰ খুলিবলৈ উদ্যোগী হৈছিল ছাউথ ব্লক ।

বৈদেশিক মন্ত্রণালয়ৰ নেতৃত্বত এটা প্রতিনিধি দলে কাবুলত গৈ সেই ঠাইৰ নিৰাপত্তা পৰিস্থিতি পৰ্যবেক্ষণো কৰি আহিছিল । কিন্তু কাবুলৰ গুৰুদ্বাৰত বিস্ফোৰণৰ ঘটনাৰ পাছত, দূতাবাস খোলাৰ প্রক্রিয়া অনির্দিষ্টকালৰ বাবে পিছুৱাই গ’ল বুলি জনাইছে বৈদেশিক মন্ত্রণালয়ৰ সূত্র‌ই ।

অৱশ্যে এই বিষয়ত তালিবানৰ স’তে ভাৰতীয় নেতৃত্বৰ কথা হৈছে বুলি জানিব পৰা গৈছে । তালিবানৰ দাবী, তেওঁলোকৰ তাত হিংসাত্মক ঘটনাৰ আগতীয়া খবৰ থকাৰ বাবেই নিহতৰ সংখ্যা দুইতে স্তব্ধ কৰিব পৰা গৈছে । অন্যথা পৰিস্থিতি আৰু শোচনীয় হ’ল হয় বুলি তেওঁলোকে শংকা প্ৰকাশ কৰিছে ।

ভাৰতীয় চোৰাংচোৱাৰ বক্তব্য, আক্ৰমণত জড়িত আইএছ-খোৰাছান গোষ্ঠীয়ে পাকিস্তানৰ স’তে সংযোগ ৰাখিয়ে এই কাৰ্য কৰিছে । কেৱল নতুন দিল্লীয়ে নহয়, কাবুলকো বার্তা দিয়া হৈছিল তেওঁলোকৰ উদ্দেশ্য । আফগানিস্তানত ভাৰতৰ পুনৰ প্রৱেশ কৰাক লৈ তালিবান নেতৃত্বৰ স’তে আলোচনা কৰাৰ লগত এই আক্ৰমণৰ সংযোগ আছে বুলি সন্দেহ কৰিছে ছাউথ ব্লকে ।

সূত্রৰ খবৰ, ভাৰতীয় প্রতিনিধি দলৰ স’তে আলোচনাত তালিবানে প্রতিশ্রুতি দিছিল, লস্কৰ-ই তইবা, জামাত উদ দাৱা, বা আইএছ-ৰ দৰে সংগঠনে যাতে আফগানিস্তানত ভাৰত-বিৰোধী হিংসাত্মক ঘটনা সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে সক্রিয় তেওঁলোক ।

সূত্রৰ খবৰ, তালিবানৰ তৰফৰ পৰা অনুৰোধ কৰা হয়, নতুন দিল্লীত তেওঁলোকৰ দূতাবাসত দুজনক নিয়োগ কৰা হ‌ওক । কিন্তু সেই প্রস্তাৱত স্বাভাৱিকভাৱেই সন্মত নহয় মোদী চৰকাৰ ।

Exit mobile version