এইবাৰ নিখুঁত ৰক্তচাপ জুখিব আপোনাৰ টেটুৱে ! আশ্চর্যকৰ আৱিষ্কাৰত হৈ চৈ

Electric Tattoo

আজিৰ দিনত হৃদৰোগত (Heart disease) আক্রান্ত হোৱাৰ কোনো বয়স নাই । যিকোনো বয়সতেই হঠাৎ মৃত্যুদূত হৈ আক্ৰমণ কৰিব পাৰে হৃদয়ৰ অসুখে । সেই অসুখত বৃহৎ কেটালিষ্ট হৈ দেখা দিয়ে উচ্চ ৰক্তচাপে । ফলত অন্যান্য পৰীক্ষাৰ দৰে নিয়মিত ৰক্তচাপৰ (Blood Pressure) হিচাপ ৰখাও প্ৰয়োজন । কিন্তু চিকিৎসাকেন্দ্রৰ বাহিৰত সকলো সময়তে সঠিক পদ্ধতিত ৰক্তচাপ নির্ণয় কৰাৰ ক্ষেত্রত সমস্যা আছে । সেই সমস্যাই সমাধান কৰিবলৈ এইবাৰ আহিছে টেটু । হয়, এই টেটুৱে আপোনাক জনাব আপোনাৰ সঠিক ৰক্তচাপ । অৱশ্যে এই টেটু খুদুৱা টেটু নহয়, ইলেকট্রনিক টেটু ।

টেটু আজিৰ দিনত নতুন প্রজন্মৰ ফেছন ষ্টেটমেন্ট হৈ পৰিছে । কিন্তু কেৱল ফেছন নহয়, এইবাৰ এই গুৰুত্বপূর্ণ কাৰ্য‌ও কৰিব টেটুৱে ! এই সংক্রান্ত প্রজেক্টৰ অন্যতম গৱেষক ডেজি আকিনৱাণ্ডেয়ে এইপ্রসংগত কয়, “শাৰীৰিক পৰিস্থিতি নির্ধাৰণত ৰক্তচাপ অত্যন্ত গুৰুত্বপূর্ণ এটা বিষয় । কিন্তু চিকিৎসাকেন্দ্রৰ বাহিৰত পৰিমাপ কৰাৰ সুযোগ বেচ কম ।”

তেনে সময়তে ৰক্তচাপ জোখাৰ যে প্রচলিত পদ্ধতি তাত ছিংগল ডেটা প‌ইন্ট অনুসৰি ৰক্তচাপৰ পৰিমাণ পৰিমাপ কৰা হয় । কিন্তু এই টেটুৰ দ্বাৰা নিয়মিত মনিটৰিং কৰা সম্ভৱ হ’ব । আপুনি শুই থাকোতে, ব্যায়াম কৰোতে বা অন্য কামত ব্যাস্ত থাকোতেও মনিটৰ কৰিব পাৰিব ।

এই প্রকল্পৰ অন্যতম গৱেষক ৰুজবে জাফৰিয়ে জনায়, “ৰক্তচাপ জোখাৰ ক্ষেত্রত এটা বৃহৎ সমস্যা হ’ল, নিয়মিত জৰিপ নকৰা । সেই ক্ষেত্রত কিন্তু শৰীৰ কিমাধ সুস্থ সেয়া বুজিব পৰা নাযায় ।” এই সমস্যা সমাধান কৰিবলৈ এই ‘টেটু’ ইলেকট্র’ডৰ উদ্ভাৱন । এই দাবী গৱেষকসকলৰ ।

কেনেদৰে কাম কৰে এই টেটুৱে ? প্রথমে ছালত এটা বিদ্যুৎপ্রবাহ ইনজেক্ট কৰি দিয়া হয় । ইয়াৰ পাছত তাৰ সহায়ত যন্ত্রটোৱে নিয়মিত ৰক্তচাপ পৰিমাপ কৰি থাকে ।

সম্প্ৰতি স্মার্টৱাচৰ সহায়ত শৰীৰৰ বহু হিচাপ নিকাচ কৰিব পৰা যায় । কিন্তু এই যন্ত্রৰ লাইট ছেন্সৰেৰে ৰক্তচাপ জুখিব পৰা নাযায় । ফলত ইলেকট্রনিক টেটু অপৰিহার্য আৰু অচিৰেই জনপ্রিয় হৈ উঠিব বুলি মত সংশ্লিষ্ট মহলৰ ।

Exit mobile version