ৰাজ্যৰ সৰ্বত্ৰে বানে বিভীষিকাৰ ৰূপ লোৱাৰ সময়ত অবিশ্বাস্যভাৱে শুকান ভোগদৈৰ বুকু

মেঘে চুমা দিয়া মোককচাঙত মেঘ-শূন্যৰ প্ৰভাৱ পৰিছে অসমত : ভোগদৈৰ ভৱিষ্যতক লৈ শংকা

IMG 20220622 165954

যোৰহাট নগৰৰ মাজেৰে নিৰৱধি বৈ যোৱা ঐতিহাসিক ভোগদৈ আজি ভৰ বাৰিষাতো জীৰ্ণ-শীৰ্ণ আৰু গতিও প্ৰায় স্তিমিত । যি সময়ত ব্ৰহ্মপুত্ৰকে ধৰি অসমৰ অধিকাংশ নদ-নদীৰ জলপৃষ্ঠ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আৰু ৩০ খনৰো অধিক জিলাত জল-প্ৰলয়ৰ সৃষ্টি কৰিছে, তেনে সময়ত ভোগদৈৰ এই শীৰ্ণকায় অৱস্থাই যোৰহটীয়া ৰাইজক নিশ্চয়কৈ ভবাই তুলিছে ।

আনকি নগালেণ্ডৰ পৰা বৈ অহা নদীখনৰ ভৱিষ্যতক লৈও শংকিত হৈ পৰিছে সচেতন ৰাইজ । অনাগত দিনত ভোগদৈৰ মৃত্যু হ’ব নেকি, সেই লৈও উদ্বেগ ঘটিছে । নদী এখনৰ মৃত্যু নতুন কথা নহয়, লাগিলে সেয়া কৃত্ৰিমভাৱে হওক অথবা প্ৰাকৃতিকভাৱেই হওক । মৰি কলং, মৰি জাঁজী, মৰা ভৰলু আদি তাৰেই উদাহৰণ । একোখন নৈৰ মৃত্যুৰ কাৰণ যিয়ে নহওক কিয় সেয়া সদায়ে বেদনাদায়ক ।

সম্প্ৰতি, ভোগদৈৰ বুকু অস্বাভাৱিক ৰূপত তৰাং হৈ পৰা আৰু সোঁতৰ গতি স্থবিৰ হৈ পৰাৰ অন্তৰালত কি ৰহস্য আছে সেই কথা এতিয়াও পোহৰলৈ অহা নাই । বহুতে ক’ব খোজে যে নদীখনৰ উৎস নগালেণ্ডত বৰষুণ নোহোৱাৰ বাবেই ভোগদৈত পানী কমিছে । আন একাংশই আকৌ আশংকা কৰে যে উৎসতে নদীখনৰ গতিপথ সলনি কৰা হৈছে অথবা বান্ধ দিয়া হৈছে নেকি যাৰ বাবে নৈখন ক্ৰমে শুকাই যাব ধৰিছে ।

উল্লেখযোগ্য যে ভোগদৈৰ এই অৱস্থা এদিনতে হোৱা নাই । যোৱা প্ৰায় তিনি-চাৰি বছৰ ধৰি ক্ৰমে হ্ৰাস পাব ধৰিছে নৈখনৰ জলপৃষ্ঠ । কিন্তু এইবাৰ পানীৰ পৰিমাণ অত্যধিক ৰূপত হ্ৰাস পোৱাত বিষয়টো চৰ্চা হোৱা দেখা গৈছে ।

অসম-নগালেণ্ড সীমান্তৰ এক সূত্ৰই দাবী কৰা অনুসৰি, নগালেণ্ডত আন আন বছৰৰ দৰেই এইবাৰো স্বাভাৱিক ৰূপত বৰষুণ হৈ আছে । কিন্তু ভোগদৈৰ পানী বৰষুণৰ ওপৰত নিৰ্ভৰ নকৰে । ভোগদৈৰ পানীৰ উৎস ডাৱৰ । মোককচাং পাহাৰত ঠেক খোৱা মেঘ অৰ্থাৎ ডাৱৰৰ পৰা নিগৰি অহা পানী পাহাৰৰ নিজৰাৰে তললৈ নামি আহে আৰু দুটা সুঁতিত সেই জলৰাশি মিলিত হয় । সেই সুঁতি দুটাই হ’ল জাঁজী আৰু ভোগদৈ নৈ । মোককচাং পাহাৰৰ পৰা পূব অংশৰ পৰা জাঁজী আৰু পশ্চিম অংশৰ পৰা ওলাইছে ভোগদৈ নৈ । কিন্তু আশ্চৰ্যজনকভাৱে যোৱা কেইবছৰমান ধৰি মোককচাং পাহাৰত ক্ৰমে হ্ৰাস পাইছে ডাৱৰ । সেয়ে দুয়োখন নৈতে পানীৰ পৰিমাণ হ্ৰাস পোৱা বুলি দাবী কৰি সূত্ৰটোৱে কয় যে এইবাৰ ডাৱৰ অধিক কম হোৱাত পানীৰ পৰিমাণো অধিক হ্ৰাস পাই আহিছে ।

উল্লেখযোগ্য যে স্থানীয় ভাষাত মোককচাং মানে হ’ল মেঘে চুমা দিয়া চাং অথবা মেঘে চুমা দিয়া আকাশ । এতিয়া সেই মোককচাং পাহাৰত এইবাৰ মেঘে চুমা দিয়া নাই । যাৰ বাবে অস্বাভাৱিক ৰূপত হ্ৰাস পাইছে দুয়োখন ভৈয়ামৰ নৈতে । নগালেণ্ডত অত্যধিক পৰিমাণে হোৱা বনাঞ্চল ধ্বংস কৰাৰ বাবেই হওক অথবা আন কোনো প্ৰাকৃতিক কাৰণতে অসমৰ নদীত তাৰ পৰাটো অতিকৈ চিন্তনীয় বিষয় হৈ পৰিছে । তুলনামূলকভাৱে জাঁজীতকৈ ইয়াৰ প্ৰভাৱ অধিক পৰা দেখা গৈছে ভোগদৈত । এতিয়া অৱস্থা এনে হৈছে গৈ ভোগদৈৰ উদং বুকু দেখি বুকু কঁপি উঠিব – বাৰিষা নহয় যেন খৰালিৰহে ভোগদৈ এইখন ।

নদীৰ মাজ ভাগৰ ডোঙাকেইটাৰ বাদে এই ভৰ বাৰিষাতো নদীখন প্ৰায় শুকান হৈয়ে আছে, পানী নাই । সোঁত বলাৰ প্ৰশ্নই নাই । দুয়োটা পাৰ আৰু মাজ অংশত ঘাঁহ-বন গজি সেউজীয়া দলিছা-সদৃশ হৈ আছে সমগ্ৰ নদীখন । সূত্ৰটোৱে আৰু কয় যে মোককচাং পাহাৰত এইবাৰ মেঘে চুমা দিয়া নাই বাবেই নগালেণ্ডৰ চাংকি পাহাৰত থকা জলপ্ৰপাততো এইবাৰ পানীৰ পৰিমাণ হ্ৰাস পাইছে ।

উল্লেখযোগ্য যে ভোগদৈ হ’ল ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী উপনদী । ভোগদৈৰ মুঠ দৈঘ্য ১৬০ কিলোমিটাৰ । ইয়াৰে ৯৫ কিলোমিটাৰ ভৈয়ামৰ মাজেৰে আৰু ৬৫ কিলোমিটাৰ পাহাৰৰ মাজেৰে বৈ আহিছে । উৎস স্থলীৰ পৰা দিচৈ নাম লৈ নগালেণ্ডৰ চাংকি-মোকলম্বা-ইয়াক’মেন-আকাইহাটু-চুটাফলা হৈ অসমত প্ৰৱেশ কৰি পশ্চিমলৈ গতি কৰি নগাবাট-বৰহোলা স্পৰ্শ কৰিছেগৈ । কিন্তু সেই স্থানৰ পৰাই পুনৰ পূবলৈ উজাই গৈ নগালেণ্ডত প্ৰৱেশ কৰি মৰিয়নীত ওলাইছেহি । ইয়াতে দিছৈ নাম এৰি ভোগদৈ নাম লয় নৈখনে । ইয়াৰো আছে এক ইতিহাস । মৰিয়নিৰ পৰা সৰ্পিল গতিৰে অতিক্রমী যোৰহাট নগৰৰ মাজেৰে গৈ গেলাবিল নাম লৈ ব্ৰহ্মপুত্ৰত বিলীন হৈছেগৈ ।

মৰিয়নিৰ নগালেণ্ড সীমান্তৰ পৰা ঐতিহাসিক মালৌপথাৰৰ মাজেৰে বৈ যোৱা ভোগদৈয়ে বৃহত্তৰ অঞ্চলটো জীপাল কৰি ৰাখিছিল যদিও সম্প্ৰতি ভোগদৈৰ এই বিৱৰ্ণ অৱস্থাই কেৱল নৈপৰীয়া জন জীৱনৰে নহয়, সমগ্ৰ যোৰহাট জিলাৰ আৰ্থ-সামাজিক ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে । সেয়ে অনাগত দিনত নৈখনৰ অৱস্থিতি কি হয় সেই লৈ উদ্বিগ্ন হৈ পৰিছে যোৰহটীয়া ৰাইজ ।

Exit mobile version