Arati Prabhakar : বাইডেনৰ শীর্ষ বিজ্ঞান উপদেষ্টা মনোনীত ভাৰতীয় বংশোদ্ভূত আৰতি প্রভাকৰ

1655883515 biden

ভাৰতীয় বংশোদ্ভূত গৱেষক আৰতি প্রভাকৰক তেওঁৰ শীর্ষ বিজ্ঞান উপদেষ্টা হিচাপে মনোনীত কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন । বাইডেনৰ এই সিদ্ধান্তক ঐতিহাসিক বুলি অভিহিত কৰিছে আমেৰিকাৰ ভাৰতীয় সমাজে ।

মঙলবাৰে ৰাষ্ট্ৰপতি বাইডেনে কয়, ‘‘ডক্টৰ প্রভাকৰ এজন অসামান্য অভিযন্তা আৰু ফলিত পদার্থবিদ । তেওঁ এজন অত্যন্ত সন্মানীয় পণ্ডিত । তেওঁ বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্রত সামগ্রিক উন্নয়ন প্ৰকল্পত ‘অফিচ অৱ ছায়েন্স এণ্ড টেকন’লজি’ক যোগ্য নেতৃত্বদানৰ মাধ্যমত উৎকর্ষৰ দিশে আগুৱাই লৈ যাব । তেওঁ অসম্ভৱকো সম্ভৱ কৰিব পাৰে, এইটোৱে মোৰ বিশ্বাস ।’’

চেনেট মনোনয়নত ছিলমোহৰ দিলে আমেৰিকাৰ ইতিহাসত আৰতিয়ে হ’ব প্রথম অভিবাসী মহিলা যিয়ে ‘অফিচ অৱ ছায়েন্স এণ্ড টেকন’লজি পলিচি (অ’এছটিপি)’-ৰ প্রধান ডিৰেক্টৰ হ’ব । লগতে তেওঁ বাইডেন প্রশাসনত অন্যতম উচ্চশিক্ষিত ভাৰতীয় বংশোদ্ভূত ।

দিল্লীত জন্ম আৰতিৰ । তিনি বছৰ বয়সত মাতৃ-পিতৃৰ স’তে ভৰি দিয়ে আমেৰিকাত । প্রথমে গন্তব্য আছিল ছিকাগো । তাৰ পাছত আৰতিৰ বয়স ১০ বছৰ হ‌ওঁতে, তেওঁলোকে স্থায়ীভাৱে টেক্সাছত গুচি যায় । ‘টেক্সাছ টেক ইউনিভাৰ্ছিটি’ৰ পৰা আৰতি ইলেক্ট্রিকেল ইঞ্জিনিয়াৰিঙত স্নাতক হয় । প্রথম মহিলা হিচাপে আৰতিয়ে ‘কেলিফ’র্নিয়া ইনষ্টিটিউট অৱ টেকন’লজি’ৰ পৰি ফলিত পদার্থবিদ্যাত পিএইছডি কৰে । সেই শিক্ষা প্রতিষ্ঠানতেই তেওঁ ইঞ্জিনিয়াৰিঙত এমএছ কৰে । বর্তমান ষ্টেনফ’র্ডৰ চেন্টাৰ ফৰ এডভান্সড ষ্টাডি আৰু ইন্সষ্টিটিউট অৱ ইলেক্ট্রিকেল এণ্ড ইলেক্ট্রনিক্স ইঞ্জিনিয়াৰ্ছৰ ফেল’ আৰু নেছনেল একাডেমি অৱ ইঞ্জিনিয়াৰিঙৰ সদস্য আৰতিয়ে এইলিকন ভেলিতো কাম কৰিছে ।

Exit mobile version