E-Rickshaw : ভাৰতৰ বজাৰত উপলব্ধ হ’ব অডিৰ ই-ৰিক্সা !

8899fae6 2160 11ec 8ffb 0d4868c5d71f 1636343963329 1636343976151

ভাৰতৰ বজাৰত সম্প্ৰতি ই-ৰিক্সা বেচ জনপ্রিয় । পৰিৱেশবান্ধৱ, পাতল এই বাহনখনত ওচৰ ৰাস্তা যাতায়াত কৰা বেচ সুবিধাজনক । চহৰবোৰত বিগত কিছু বছৰ ধৰি যথেষ্ট জনপ্ৰিয় হৈছে ই-ৰিক্সা‌ । মেট্র’ চহৰবোৰতো ক্রমে এই ই-ৰিক্সাৰ সংখ্যা বাঢ়িছে ।

দেশীয় বজাৰত নামী ভাৰতীয় সংস্থাৰ উপৰিও বেচ কিছু সৰু সংস্থাৰ ই-ৰিক্সা দেখিবলৈ পোৱা যায় ।

জার্মান গাড়ী প্রস্তুতকাৰী সংস্থা ‘অডি’য়ে তিনি ধৰণৰ ই-ৰিক্সা আনিব ভাৰতৰ বজাৰত ।

আটাইতকৈ চমকপ্রদ বিষয় ৰিক্সাবোৰ চলিব গাড়ী প্রস্তুতকাৰী সংস্থা অডি-ৰ বৈদ্যুতিক গাড়ী ‘ই-ট্রন’-ৰ বেটেৰীৰ দ্বাৰা ।

‘ই-ট্রন’ জনপ্রিয় বৈদ্যুতিক গাড়ীবোৰৰ ভিতৰত অন্যতম । কিন্তু এই গাড়ীৰ বেটেৰীবোৰ এটা নির্দিষ্ট সময়ৰ পাছত সলনি কৰিবলগীয়া হয় । পুৰণি বেটেৰীবোৰ কি কৰিব অডিয়ে ?

সেই উপায় বিচাৰি উলিয়াবলৈয়ে অডিয়ে এটা জার্মান-ভাৰতীয় ষ্টার্টআপ ‘ন্যুনাম’-ৰ স’তে একজোঁট হৈ কাম কৰা আৰম্ভ কৰিছে ।

এই সংস্থাই সেই পুৰণি বেটেৰীবোৰ ই-ৰিক্সাত ব্যৱহাৰ কৰিব পৰা যায় নে নাই, পৰীক্ষা-নিৰীক্ষা কৰিছে ।

গাড়ীৰ বেটেৰীবোৰ এনেদৰে তৈয়াৰ কৰা হয়, যাতে সেইবোৰ বহু দিন ব্যৱহাৰ কৰিব পাৰি । পৰীক্ষাত পোৱা গৈছে, পুৰণি বেটেৰীবোৰক পাতল বাহনৰ ক্ষেত্রত আৰু কিছুদিন ব্যৱহাৰ কৰিব পাৰি ।

‘ন্যুনাম’-ৰ প্রতিষ্ঠাতা প্রদীপ চট্টোপাধ্যায়ে কয়, ‘‘প্রাথমিক ব্যৱহাৰৰ পাছত বেটেৰীবোৰক পাতল যানবাহনত পুনৰ ব্যৱহাৰ কৰিব পাৰি । ইয়াৰ ফলত, প্রাকৃতিক সম্পদৰ ওপৰত কম চাপ পৰিব আৰু বেটেৰীবোৰকো আৰু অধিক দিন ব্যৱহাৰ কৰিব পৰা যাব ।’’

কিন্তু ই-ৰিক্সাই কিয় ? ইয়ৰ উত্তৰত প্রদীপে জনায়, ‘‘ই-ৰিক্সা আদর্শ পৰিৱেশবান্ধৱ । ই-ৰিক্সাৰ ক্ষেত্রত বৈদ্যুতিক মটৰ শক্তিশালী হোৱাৰ প্ৰয়োজন নাই আৰু ইয়াৰ ওজনো যথেষ্ট পাতল হয় ।’’

ভাৰতৰ ই-ৰিক্সাত বর্তমান অধিক ঘনত্বৰ যিবোৰ বেটেৰী ব্যৱহাৰ কৰা হয়, তাৰ আয়ু খুবেই কম । সেইবোৰ পুৰণি হ’লে পেলাই দিয়াৰ বাহিৰে আন একো কৰিব পৰা নাযায় ।

ভাৰতৰ বজাৰৰ ই-ৰিক্সাবোৰক ঘৰৰ সাধাৰণ চার্জাৰেৰেই চার্জ কৰিব পৰা যায় ।

ভাৰতৰ অধিকাংশ ঘৰৰ বিদ্যুৎ সংযোগ এতিয়াও কয়লাচালিত তাপবিদ্যুৎ কেন্দ্রৰ পৰা সৰবৰাহ কৰা হয় । ফলত ই জীৱাশ্ম ইন্ধনৰ চাপ সৃষ্টি কৰে ।

ন্যুনামৰ বক্তব্য, তেওঁলোকে জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত আগনাবাঢ়ে । তেওঁলোকৰ ৰিক্সা চার্জ কৰিবৰ বাবে তেওঁলোকে সৌৰবিদ্যুৎচালিত চার্জিং ষ্টেছন স্থাপন কৰিব ।

এই সংস্থাই কেৱল ই-ৰিক্সা প্ৰস্তুত কৰাই নহয়, ই-ট্রেইনৰ বেটেৰীবোৰো যেতিয়া ৰিক্সাত ব্যৱহাৰ কৰি পুৰণি হৈ যাব, তেতিয়া তেওঁলোকে সেইবোৰক তৃতীয়বাৰ ব্যৱহাৰ কৰিব বিচাৰিছে ।

ন্যুনামে তৃতীয়বাৰ এলইডি লাইট জ্বলাবলৈ সেই বেটেৰীবোৰক ব্যৱহাৰ কৰিব বিচাৰে ।

এই পদ্ধতি যদিও নতুন নহয় । গাড়ী প্রস্তুতকাৰী সংস্থা ‘নিছান’এ বহু দিন ধৰি তেওঁলোকৰ গাড়ীৰ বেটেৰী পুনর্ব্যৱহাৰ কৰি আহিছে ।

তেওঁলোকে পুৰণি বেটেৰীবোৰক নিজৰ গোডাউনৰ ৰবট চলাবলৈ ব্যৱহাৰ কৰি আহিছে বহুদিন ধৰি ।

ব্যৱহৃত অডি ই-ট্রেইন বেটেৰী দ্বাৰা চালিত ই-ৰিক্সাত ২০২৩ৰ আৰম্ভণিতে এটা পাইলট প্রকল্পৰ মাধ্যমত প্রথম ভাৰতীয় পথত দেখা যাব পাৰে ।

বজাৰত অহাৰ আগতে জার্মান চহৰ নেকাৰজালম-ত এটা প্রদর্শনীত ই-ৰিক্সাবোৰৰ নমুনা প্রদর্শিত হৈছে সম্প্রতি ।

Exit mobile version