Padma Bridge : চলন্ত গাড়ীৰ পৰা তিনি ছেকেণ্ডতেই টোল আদায় ! নতুন পদ্ধতি পদ্মা সেতুত

114581 152

মাজ নিশা বাংলাদেশৰ ‘স্বপ্নৰ সেতু’ৰ সূচনা হ’ব । বাংলাদেশৰ গৰিমা বৃদ্ধি কৰিবলৈ পদ্মা সেতু নিৰ্মাণ কৰা হৈছে । এই সেতুৰ টোল আদায়ৰ বাবে অত্যাধুনিক ব্যৱস্থা কৰা হৈছে ।

তথ্য অনুসৰি, পদ্মা সেতুৰ দুই প্রান্তত ইলেকট্রনিক্স টোল কালেকছন বুথ (ইটিচি) স্থাপন কৰা হৈছে । যাৰ মাধ্যমত মাত্র তিনি ছেকেণ্ডতেই স্বয়ংক্রিয়ভাৱে চলন্ত গাড়ীৰ পৰা টোল আদায় কৰিব পাৰিব । বাংলাদেশৰ সংবাদমাধ্যম ‘ঢাকা ট্রিবিউন’ সূত্রে এই খবৰ ।

প্রথম পৰ্যায়ত সেতুৰ দুই প্রান্তত দুখন গেটত ইটিচি বুথ স্থাপন কৰা হ’ব । আগন্তুক ছমাহৰ ভিতৰত বিভিন্ন পৰ্যায়ত দুই প্রান্তৰ বাকী ১২টা গেটতো এই ব্যৱস্থা আৰম্ভ কৰা হ’ব । সেতু কর্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হৈছে, এই পদ্ধতিত টোল আদায়ৰ বাবে গাড়ীৰ উইণ্ড’শ্বিল্ডত বিশেষ ধৰণৰ ৰেডিঅ’ ফ্রিকোৱেন্সি আইডেন্টিফিকেছন কার্ড লগাব লাগিব । ফাষ্ট ট্রেকৰ মাধ্যমত এই প্রিপেইড কার্ডৰ পৰা স্বয়ংক্রিয়ভাৱে টোল কাটি ল’ব ইটিচি বুথে ।

উল্লেখ্য, শনিবাৰে পদ্মা সেতুৰ উদ্বোধন কৰিব প্রধানমন্ত্রী শেখ হাছিনাই । প্রায় ১০ হেজাৰ কোটি বাংলাদেশী টকাৰ বিনিময়ত নিৰ্মাণ কৰা এই পদ্মা সেতু বাংলাদেশৰ ৰাষ্ট্ৰীয় উৎপাদন (জিডিপি) ১.২ শতাংশ বৃদ্ধি কৰিব পাৰে বুলি অনুমান কৰা হৈছে । এইটো দ্বিতল সেতু । তলৰ মহলত ৰেলপথত চলিব ট্রেইন । সেতুৰ ওপৰত চাৰি লেনৰ বহল পথত চলিব গাড়ী ।

Exit mobile version