Right to abortion : পাঁচ দশকৰ অধিকাৰত ইতি ! আমেৰিকাত সংবিধান নহয়, গর্ভপাতৰ বৈধতা নিৰ্ধাৰণ কৰিব প্রশাসনে

dr19ilj abortion rally

আমেৰিকাত মহিলাৰ পাঁচ দশকৰ অধিকাৰ কাঢ়ি ল’লে সেই দেশৰ উচ্চতম ন্যায়ালয়ে । গর্ভপাতৰ সংবিধানিক অধিকাৰ বাতিল কৰি শীর্ষ আদালতে জনাইছে, এই বিষয়ত অনুমোদন দিয়া বা নিদিয়াৰ দায়িত্ব প্রতিটো প্রদেশৰ ওপৰত এৰি দিয়া উচিত ।

এনে ৰায় যে শীৰ্ষ আদালতে দিব পাৰে, তাৰ খচৰা নথি কিছু সপ্তাহ আগতে ফাদিল হৈছে । ইয়াক লৈ দেশজুৰি আৰম্ভ হয় তীব্র বিতর্ক আৰু প্রতিবাদো ।

১৯৭৩ত ‘ৰো বনাম ৱেড’ গোচৰত আদালত গর্ভপাতক বৈধ বুলি ঘোষণা কৰে । এইবাৰ শীৰ্ষ ন্যায়ালয়ে সেই ৰায়ৰ উলোটা পথ অৱলম্বন কৰি গর্ভপাতৰ বৈধতা দিয়াৰ বিষয়টো প্রদেশসমূহক এৰি দিছে ।

গর্ভপাতেৰ সংবিধানিক অধিকাৰ খাৰিজ কৰাৰ পক্ষত মত দিয়ে ছজন অধিবক্তা আৰু বিপক্ষত তিনিজনে ।

মিছিছিপিত গর্ভধাৰণৰ ১৫ সপ্তাহ পাছত গর্ভপাত নিষিদ্ধ কৰাৰ আইনক প্ৰত্যাহ্বান জনাই এটা গোচৰ দাখিল কৰা হয় উচ্চতম ন্যায়ালয়ত । সেই গোচৰতেই আদালতে এই ৰায় দিছে ।

অনুমান কৰা হৈছে, এই ৰায়ৰ ফলত আমেৰিকাৰ অর্ধেকৰো অধিক প্রদেশে গর্ভপাত নিষিদ্ধ ঘোষণা কৰিব । লগতে গর্ভপাতৰ বিৰুদ্ধে নানা বিধি-নিষেধ আৰোপ কৰিব ।

ইতিমধ্যে আমেৰিকাৰ ১৩খন প্রদেশে গর্ভপাত নিষিদ্ধ কৰাৰ পথত বহুখিনি আগবাঢ়িছে । তেওঁলোক উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ অপেক্ষাত আছিল । শীর্ষ আদালতৰ ৰায়ৰ পাছত তেওঁলোকে গর্ভপাত সম্পূৰ্ণভাৱে নিষিদ্ধ ঘোষণা কৰিব বুলি সংশ্লিষ্ট মহলৰ ধাৰণা ।

শীর্ষ আদালতৰ ৰায়ৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে দেশবাসীক উদ্দেশ্যি ভাষণত কয়, ‘‘গর্ভপাতক লৈ পাঁচ দশক আগৰ ৰায় বাতিল কৰি শীৰ্ষ ন্যায়ালয়ে মাৰাত্মক ভুল কৰিছে ।’’

তেওঁ আৰু কয়, ‘‘আমেৰিকানসকলৰ সংবিধানপ্রদত্ত মৌলিক অধিকাৰ কাঢ়ি লৈছে আদালতে ।’’ তেওঁৰ মতে, এই ৰায়ৰ ফলত দেশ ১৫০ বছৰ পিছুৱাই গ’ল ।

অৱশ্যে এই ৰায় দক্ষিণপন্থী আৰু ধর্মীয় ৰক্ষণশীলসকলৰ বাবে বৃহৎ জয় । ১৯৭৩ত গর্ভপাতক বৈধতা দিয়াৰ বিৰুদ্ধে যিসকলে আন্দোলন কৰি আহিছিল, তেওঁলোকৰ ভিতৰত অনেকে ৰায় জনাৰ পাছত উচ্ছ্বাসিত হৈছে ।

এই ৰায়ক আদৰণি জনাইছে আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে । তেওঁ এই ৰায়ক ‘ঈশ্বৰৰ সিদ্ধান্ত’ বুলি মন্তব্য কৰিছে ।

আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই এই ৰায়ক মৌলিক অধিকাৰৰ ওপৰত আক্রমণ বুলি মন্তব্য কৰিছে ।

এই ৰায়ৰ খচৰা নথি ফাদিল হোৱাৰ পাছৰ পৰা দেশজুৰি বিক্ষোভ চলিছিল । শুকুৰবাৰেও ৰায় ঘোষণাৰ পাছত একাধিক স্থানত বিক্ষোভ আৰম্ভ হয় ।

বিশেষজ্ঞসকলৰ মতে, এই ৰায়ৰ ফলত গর্ভপাত কেতিয়াও বন্ধ নহয় । গর্ভপাত কৰিবৰ বাবে মহিলাসকলে সেই সমূহ দেশত যোৱাৰ প্রৱণতা বাঢ়িব, য’ত গর্ভপাত বৈধ ।

গর্ভপাতৰ পদ্ধতি হিচাপে ঔষধ খোৱা বর্তমান আমেৰিকাত জনপ্রিয় । ‘দুই-পিল (টু-পিল)’ পদ্ধতিত আমেৰিকান মহিলাসকলে সাধাৰণতে গর্ভপাত কৰিয়ে থাকে ।

তথ্য অনুসৰি, এই পদ্ধতিত ৫৪ শতাংশ মহিলাই গর্ভপাত কৰে । ২০২০ত এই ঔষধবিধ অনুমোদন কৰে আমেৰিকাৰ ফুড এণ্ড ড্রাগ এডমিনিষ্ট্ৰেছন ।

Exit mobile version