Punjab : এক জুলাইৰ পৰা পঞ্জাৱত বিনামূলীয়া হ’ব বিদ্যুৎ

bhagwant maan 0

পঞ্জাৱবাসীৰ বাবে বৃহৎ ঘোষণা কৰিলে আম আদমি পার্টিৰ চৰকাৰে । জনাই দিয়া হ’ল, আগন্তুক এক জুলাইৰ পৰা বিনামূল্যে পাব বিদ্যুৎ সেৱা । সোমবাৰে চৰকাৰৰ প্রথম বাজেট প্ৰকাশ কৰি এই কথা ঘোষণা কৰিলে পঞ্জাৱৰ বিত্তমন্ত্রী হৰপাল সিং চিমাই ।

উল্লেখ্য, পঞ্জাৱত বিধানসভা নির্বাচনত চমকপ্রদ জয়ৰ পাছত মছনডত বহাৰ এমাহ পূর্তিত নির্বাচনী প্রতিশ্রুতি মানি বিনামূল্যে প্রতি মাহে ঘৰে ঘৰে তিনিশ ইউনিট পর্যন্ত বিদ্যুৎ সেৱা প্রদানৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্রী ভগৱন্ত সিং মানে ।

এক কোটি ৫৫ লাখ কোটি টকাৰ বাজেট প্ৰকাশ কৰিছে আপ চৰকাৰে । শিক্ষা, স্বাস্থ্য, কৃষি ক্ষেত্রত অগ্রাধিকাৰ দিয়া হৈছে । কৃষি ক্ষেত্রত ১১ হেজাৰ ৫৬০ কোটি টকা আবণ্টন দিছে ভগৱন্ত মান চৰকাৰে । নৰা জ্বলাবৰ বাবে আবণ্টন কৰা হৈছে দুশ কোটি টকা । আগন্তুক পাঁচ বছৰত সেই ৰাজ্যত ১৬টা মেডিকেল কলেজ প্ৰতিষ্ঠা কৰাৰ প্রতিশ্রুতি দিছে পঞ্জাৱ চৰকাৰে । শিক্ষাৰ্থীসকলৰ জলপানিৰ বাবে ৩০ কোটি টকা আবণ্টন দিয়া হৈছে ।

Exit mobile version