মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভৱানীপুৰ সমষ্টিৰ বানাক্ৰান্ত এলেকা পৰিভ্ৰমণ

WhatsApp Image 2022 06 28 at 8.22.13 PM 1

ভৱানীপুৰ বিধানসভা সমষ্টিৰ বানত বিধ্বস্ত তথা বিস্তৰভাৱে ক্ষতিগ্ৰস্ত এলেকাত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । উল্লেখ্য যে এইবাৰৰ বানত ৰাজ্যখনৰ ভিতৰতেই আটাইতকৈ বানে ধ্বংসলীলা চলোৱা ভৱানীপুৰ সমষ্টিৰ মেধিকুছিৰ লগতে নয়াপাৰা-চাৰালপাৰা গাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষয়-ক্ষতিৰ বুজ লয় ।

মেধিকুছি গাঁৱত পহুমৰা নদীৰ মথাউৰি ছিঙি ভয়াৱহ বানৰ সোঁতত উটি যোৱা তথা ধ্বংসলীলা চলোৱা প্ৰায় ২৬টা পৰিয়ালৰ ধ্বংসলীলা প্ৰত্যক্ষ কৰে । আন এক উল্লেখ্য যে, মেধিকুছি গাঁৱত ৰাজপথৰ ওপৰত আঠুৰ ওপৰলৈকে সোঁত বৈ থকা পানীৰ মাজেৰে খোজকাঢ়ি বান বিধ্বস্ত অঞ্চল পৰিভ্ৰমণ কৰি ভয়াৱহ পৰিস্থিতি প্ৰত্যক্ষ কৰে মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰক লগত ।

তদুপৰি মেধিকুছিৰ বানত বিছিন্ন মথাউৰিও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই । মেধিকুছিৰ বানৰ ধ্বংসলীলা প্ৰত্যক্ষ কৰি দুখ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মই বান নিয়ন্ত্ৰণ বিভাগৰ স’তে কথা পাতি কি কৰিব পাৰো চাওঁ । এই মথাউৰিটোৰ ওপৰত ৰাস্তা বনাবৰ বাবে মথাউৰিটো শক্তিশালী কৰিবৰ বাবে প্ৰায় ন কোটি টকাৰ আঁচনি এটাৰ অনুমোদন হৈছে । নিবিদাৰ হৈছে । বানপানীৰ আগত বুলি আমি কৰা নাছিলো । যাতে পুঁজিটো অথলে নাযায় । বানপানীৰ পাছত এই মথাউৰিটো পুনৰ নিৰ্মাণো কৰিব পাৰি আৰু ইয়াক ভালকৈ সম্পূৰ্ণ কৰিবও পাৰি ।”

মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাই মেধিকুছিৰ বানাক্ৰান্তৰ আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰি বানাক্ৰান্তৰ সমস্যাৰ বুজ লয় । মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে, “মেধিকুছিত প্ৰায় ২৬ ঘৰ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে । গতিকে আমাৰ চৰকাৰৰ এন ডি আৰ এ এছ ডি এম এ আঁচনি বা মুখ্যমন্ত্ৰী সাহায্য পুঁজি আছে । গোটেইখিনি সংলগ্ন কৰি গৃহহীন হোৱা ৰাইজে ভাল গৃহ এটা নিৰ্মাণ কৰি পুনৰ নিজৰ ঘৰখনলৈ উভতি যাব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিম ।”

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাই কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক ফনীধৰ তালুকদাৰ, প্ৰশাসনৰ বিষয়াক স’তে ভৱানীপুৰৰ নয়াপাৰা-চাৰালপাৰাৰ বানত বিছিন্ন পহুমৰা নদীৰ মথাউৰিৰ বিছিন্ন অংশ পৰিভ্ৰমণ কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত এলেকা পৰিভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ বুজ লয় ।

Exit mobile version