Maharashtra Political Crisis : নতুন চৰকাৰ হ’লে কোন হ’ব মন্ত্রী ? কাৰ হাতত থাকিব কোনটো দপ্তৰ ?

380451 uddhav new

ইতিমধ্যে ভাৰতীয় জনতা পার্টি মহাৰাষ্ট্রত নিজৰ চৰকাৰ গঠন কৰাৰ ৰাজনীতি আৰম্ভ কৰিছে । বিজেপিয়ে নিজৰ বিধায়কসকলক এলার্ট থকাৰ কথা জনাইছে । দেবেন্দ্র ফড়নবিছৰ বাসগৃহত বিজেপিৰ সকলো নেতাৰ বৈঠক হ’ব বুলিও জানিব পৰা গৈছে ।

মহাৰাষ্ট্রত বিজেপি আৰু শিণ্ডেৰ সমর্থকসকল একজোঁট হৈ চৰকাৰ গঠন কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে । এই চৰকাৰ গঠন হ’লে তাত দেবেন্দ্র ফড়নবীছ মুখ্যমন্ত্রী আৰু একনাথ শিণ্ডে উপমুখ্যমন্ত্রী হ’ব বুলি সিদ্ধান্ত হোৱা বুলি জানিব পৰা গৈছে ।

ইয়াৰ উপৰি মহাৰাষ্ট্রৰ কেবিনেটত শিণ্ডেৰ সহযোগীসকলৰ ভিতৰত ১১ জনে কেবিনেট মন্ত্রীৰ পদ পাব আৰু তিনিজনে ৰাষ্ট্রমন্ত্রী হ’ব বুলি জানিব পৰা গৈছে ।

বিজেপিৰ তৰফৰ পৰা ১৬ জন কেবিনেট মন্ত্রী আৰু ১৩ জন ৰাষ্ট্রমন্ত্রীসহ মুঠ ২৯ জন মন্ত্রী হ’ব পাৰে বুলি জানিব পৰা গৈছে । লগতে জানিব পৰা গৈছে যে শিণ্ডেৰ সহযোগী বিধায়কসকলৰ হাতত আগতে যি দপ্তৰ আছিল সেইবোৰ তেওঁলোকে ঘূৰাই বিচাৰিছে ।

এই চৰকাৰ গঠন হ’লে বিজেপিৰ পক্ষৰ মন্ত্রী হ’ব পাৰে, চন্দ্রকান্ত পেটেল, সুধীৰ মুনগান্টিৱাৰ, আশিস শ্বেলাৰ, গণেশ নায়ক, ৰবীন্দ্র চৌহান, প্রবীণ দাৰেকৰ, সঞ্জয় কুটে, মদন ইৰাৱাৰ, চন্দ্রশেখৰ বাৱানকুলে, সম্ভাজি নিলাংগেকৰ, সুভাষ দেশমুখ/বিজয় দেশমুখ, গিৰিশ মহাজন, ৰাধাকৃষ্ণ ভিখে পেটেল, জয়কুমাৰ ৰাৱল আৰু ৰাম শিণ্ডে ।

ৰাষ্ট্রমন্ত্রী হ’ব পাৰে, ৰাহুল কুল, জয়কুমাৰ গোৰে অথবা শিবেন্দ্র ৰাজে, ৰাম সতপুতে, ৰঞ্জিত সিং মোহিতে পেটেল, গোপীচন্দ পডলকাৰ, অতুল ছাভে, যোগেশ সাগৰ, নীতেশ ৰানেৰি, সন্দীপ ধুৰভে, ৰঞ্জিত সাভাৰকাৰ, দেবযানী ফাৰান্দে, ৰানা জগজিৎ সিং, মেঘনা বর্দিকৰ ।

আনহাতে, শিণ্ডেৰ সহযোগীসকলৰ ভিতৰত মন্ত্রী হ’ব পাৰে ভৰত গোগাভেলে, দীপক কেছাৰকৰ, গুলাবৰাও পেটেল, উদয় সামন্ত, দাদা ভুসে, আব্দুল সাত্তাৰ, সঞ্জয় ৰাঠোড়, সম্ভুৰাজ দেশাই, বাচ্চু কাডু, তানাজি সাৱন্ত ।

ইপিনে, ৰাষ্ট্রমন্ত্রী হ’ব পাৰে সন্দীপন ভুমৰে আৰু সঞ্জয় ছিৰছাত । সম্পূৰ্ণ বিষয়টো স্তব্ধ হৈ আছে পাঁচটা বৃহৎ মন্ত্রণালয়ৰ ওপৰত । বর্তমান চৰকাৰৰ নগৰ উন্নয়ন মন্ত্রণালয় একনাথ শিণ্ডেৰ হাতত আছে । যদিও বিজেপি চৰকাৰৰ শাসনকালত মুখ্যমন্ত্রী দেবেন্দ্র ফড়নবীছে এই বিভাগ নিজৰ হাততেই ৰাখিছিল ।

Exit mobile version